আই পি এলত ছানৰাইজার্ছৰ তৃতীয় জয়
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ছানৰাইজার্ছ হায়দৰাবাদে চলিত আই পি এলত তৃতীয় জয় সাব্যস্ত কৰিছে৷ ডুবাই ক্রিকেট ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত এখন মেচত ডেভিদ ৱার্নাৰ নেতৃত্বাধীন দলটোৱে কিংছ একাদশ পঞ্জাবক ৬৯ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ২০২ ৰানৰ লক্ষ্যৰ পিছ লৈ কিংছ একাদশ পঞ্জাবে ১৬.৫ অভাৰত মাত্র ১৩২ ৰানতে ইনিংছ সামৰে৷ পঞ্জাবৰ হৈ ৱেষ্ট ইণ্ডিজৰ বেটছমেন নিকোলাছ পুৰানে ৭৭ ৰান কৰাৰ বাহিৰে আন কোনো এগৰাকী বেটছমেনে অধিক সময় ক্রিজত তিষ্ঠি নাথাকিল৷ পুৰানে ৩৭ বলত পাঁচটা বাউণ্ডেৰী আৰু সাতটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ইনিংছটো সজায়৷ অধিনায়ক লোকেশ ৰাহুল ১১, মায়ংক আগৰৱাল ৯, গ্লেন মেক্সৱেল ৭, মনদীপ সিং ৬, মুজিব ৰহমান ১ ৰানত ব্যর্থ হয়৷ ছানৰাইজার্ছৰ হৈ তাৰকা লেগ স্পীনাৰ ৰশ্বিদ খানে মাত্র ১২ ৰান ব্যয় কৰি তিনিটা উইকেট দখল কৰে৷
ইয়াৰ পূর্বে টছত জয়ী হৈ প্রথমে বেটিঙৰ সিদ্ধান্ত গ্রহণ কৰি ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত ৬ উইকেট হেৰুৱাই ২০১ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰায়৷ অ’পেনাৰ জ’নী বেয়াৰষ্ট’ আৰু ডেভিদ ৱার্নাৰে প্রথম উইকেটত ১৬০ ৰান যোগ দি দলটোক চমকপ্রদ আৰম্ভণি প্রদান কৰে৷ ইংলেণ্ডৰ তাৰকা বেয়াৰষ্ট’ৱে ৯৭ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ তেওঁ মাত্র ৫৫ বলৰ সন্মুখীন হৈ সাতটা বাউণ্ডেৰী আৰু ৬টা অভাৰ বাউণ্ডেৰী কোবায়৷ অধিনায়ক ৱার্নাৰে ৪০ বল খেলি পাঁচটা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰে ৫২ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলে৷ অৱশ্যে মনীষ পাণ্ডে (১), আব্দুল ছামাদ (৮) আৰু প্রিয়ম গার্গ (০) ব্যর্থ হয়৷ ইনিংছৰ শেষৰ ফালে কেন উইলিয়ামছনে ১০টা বল খেলি এটা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰে ২০ ৰানত অপৰাজিত হৈ ৰয়৷ কিংছ একাদশ পঞ্জাবৰ হৈ উদীয়মান লেগ স্পীনাৰ ৰবি বিষ্ণৈয়ে ২৯ ৰানত তিনিটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ কিংছ একাদশৰ এয়া পঞ্চম পৰাজয়৷