নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ নিযুক্তি পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ লগত জড়িত প্রাক্তন ডিআইজি পি কে দত্ত চি আই ডিৰ জালত পৰাৰ পাছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য৷ আৰক্ষীৰ জেৰাত পি কে দত্তৰ মুখেৰে ওলাইছে নিযুক্তি কেলেংকাৰিত জড়িত বহু খলনায়কৰ নাম৷ এইসকল ৰথী–মহাৰথীৰ নাম শুনি খোদ তদন্তকাৰী বিষয়াসকল স্তম্ভিত হৈ পৰিছে৷ কিয়নো চি আই ডিয়ে ভবাতকৈও বহু গভীৰলৈ বিয়পি আছে এই বৃহৎ দুর্নীতিৰ শিপা৷ পি কে দত্তই মুখ খোলাৰ লগে লগে দুর্নীতিৰ ভূ–ভাৰস্ত উন্মোচিত হোৱাৰ উপক্রম হৈছে৷ উল্লেখ্য যে অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত ডিআইজি দত্তক ৬ দিনৰ জিম্মাত লৈ চি আই ডিয়ে মাৰাথন জেৰা চলাই আছে৷ জেৰাৰ সময়ত দত্তই সদৰী কৰা অনুসৰি, নিযুক্তি কেলেংকাৰিত তেওঁ জড়িত হৈছিল এগৰাকী অগপ মন্ত্রীৰ ঘনিষ্ঠ ব্যক্তিৰ জৰিয়তে৷ নামনি অসমৰ এটা সমষ্টিক প্রতিনিধিত্ব কৰা অগপৰ মন্ত্রীগৰাকীৰ সোঁহাতস্বৰূপ ব্যৱসায়ীজন হৈছে বঙাইগাঁৱৰ আখিয়া চান্দ৷ তেওঁৰেই নিকটাত্মীয় ৰুবুল হাজৰিকা এছ আই পৰীক্ষা অনুষ্ঠিত কৰা কোম্পানী অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী৷ এইগৰাকী ৰুবুল হাজৰিকাই প্রথমতে নিযুক্তিৰ দোকান খোলাৰ প্রস্তাৱনা লৈ গৈছিল প্রাক্তন ডিআইজি পি কে দত্তৰ ওচৰলৈ৷ মধ্যস্থতা কৰিছিল বৰাক উপত্যকাত কার্যনির্বাহ কৰি অহা এগৰাকী আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে৷ সেইমর্মে পি কে দত্তৰ মালিকানাধীন হোটেল ভার্গৱ হৈ পৰিছিল এছ আই চাকৰিৰ মুকলি বজাৰ৷ য’ত ফাদিল হোৱা প্রশ্ণকাকতেৰে উৎকোচ দিয়া প্রার্থীসকলৰ ৰিহার্চেল পৰীক্ষা অনুষ্ঠিত হৈছিল৷ কেৱল সেয়াই নহয়, লখৰাৰ হোটেল ভার্গৱত থাকিয়েই পি কে দত্তৰ প্রার্থীসকলে নিযুক্তি পৰীক্ষাতো অৱতীর্ণ হৈছিল৷ প্রতিগৰাকী প্রার্থীৰ পৰা পি কে দত্তই নিযুক্তিৰ নামত ১২ লাখ টকাকৈ সংগ্রহ কৰিছিল৷ ইয়াৰে এটা মোটা অংক দিবলগীয়া হৈছিল অক্ষয় টেলিকমিউনিকেচনৰ ৰুবুল হাজৰিকাক৷ ধনৰ লেনদেনৰ লগতে প্রশিক্ষণৰ লগত জড়িত আছিল শাণ্ডিল্য শর্মা নামৰ আন এগৰাকী ব্যক্তি৷ লক্ষণীয় কথাটো হ’ল– এইগৰাকী ৰুবুল হাজৰিকাই ২০১৫ চনতো আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ ঠিকা লাভ কৰিছিল৷ অক্ষয় টেলিকমিউনিকেচনে অনুষ্ঠিত কৰা উক্ত পৰীক্ষাতো ব্যাপক হাৰত ধনৰ লেনদেন চলিছিল৷ যাৰ বাবে নগাঁও, ধুবুৰী আৰু বৰপেটা জিলাৰ নিযুক্তি প্রক্রিয়া স্থগিত ৰাখিবলগীয়া হৈছিল৷ সেই সময়ত ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ আছিল প্রদীপ কুমাৰ আৰু ৩নং এ পি টি এফৰ কমাণ্ডেণ্ট আছিল পি কে দত্ত৷ উক্ত কেলেংকাৰিৰ বিভাগীয় তদন্তকো ধনৰ বলত মেনেজ কৰিবলৈ সক্ষম হৈছিল পি কে দত্তই৷ তদুপৰি অৱসৰৰ পাছতো ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিলে প্রদীপ কুমাৰে৷ এতিয়া ৰুবুল হাজৰিকাই পুনৰ উপ–পৰিদর্শকৰ নিযুক্তি পৰীক্ষাৰ ঠিকা লাভ কৰাৰ পাছত দুর্নীতিৰ পুৰণি চক্রটো আকৌ সক্রিয় হৈ উঠে৷ এয়াই হ’ল নিযুক্তি কেলেংকাৰিৰ আঁৰৰ নেটৱর্কৰ থূলমূল পৰিচয়৷ উল্লেখনীয় যে অগপ মন্ত্রীৰ ঘনিষ্ঠ চক্রটো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং সৰবৰাহৰ লগত জড়িত থকাৰো পুৰণি অভিযোগ আছে৷ কিন্তু ৰাজনৈতিক ৰক্ষণাবেক্ষণ পোৱা বাবেই তেওঁলোকে সমস্ত দুষ্কার্য ফাদিল হোৱাৰ পাছতো মুকলি আকাশৰ তলক বুকু ফিন্দাই ঘূৰা–ফুৰা কৰিব পাৰিছিল৷ শেহতীয়াকৈ বঙাইগাঁও আৰক্ষীয়ে অক্ষয় টেলিকমিউনিকেচনৰ কার্যালয় ছীল কৰিছে যদিও দুর্নীতিৰ অন্যতম অভিযুক্ত ৰুবুল হাজৰিকা এতিয়াও পলাতক হৈয়ে আছে৷ ইফালে, ৰুবুল হাজৰিকাৰ আন এগৰাকী সহযোগী তথা এছ আই পৰীক্ষা অনুষ্ঠিত কৰাৰ অন্যতম দায়িত্বপ্রাপ্ত কোম্পানী এমেইনটেকৰ স্বত্বাধিকাৰী প্রাঞ্জল বৰুৱা এতিয়াও তদন্তৰ আওতালৈ অহা নাই৷ শাসকীয় দলৰ অভিভাৱক সংগঠনৰ ঘনিষ্ঠ হোৱা বাবেই প্রাঞ্জল বৰুৱাক সুৰক্ষা দিয়া বুলিও চর্চা চলিছে৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল– পি কে দত্ত বা দিবন ডেকাৰ হাতত এছ আই নিযুক্তি পৰীক্ষাৰ প্রশ্ণকাকত কোনে তুলি দিছিল, অক্ষয় টেলিকমিউনিকেচনৰ ৰুবুল হাজৰিকা আৰু এমেইনটেকৰ প্রাঞ্জল বৰুৱাৰ লগত মিলি অসম আৰক্ষীৰ কোন বিষয়াই এই দুর্নীতি সংঘটিত কৰিছিল, সেয়া এতিয়াও চি আই ডিয়ে উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই৷ তাৰ মাজতে আজি ডি জি পি ভাস্কৰজ্যোতি মহন্ত আৰু এডিজিপি জি পি সিঙে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰি তদন্তৰ খতিয়ান দিয়ে৷ ইপিনে, এছ আই নিযুক্তি কেলেংকাৰি সন্দর্ভত চি আই ডিয়ে নিলম্বিত বিজেপি নেতা দিবন ডেকাকো জেৰা অব্যাহত ৰাখিছে৷ ডেকাই বাৰম্বাৰ পি কে দত্তলৈ দায় ঠেলাৰ সমান্তৰালভাৱে পি কে দত্তই বহু বিয়াগোম ৰাজনীতিকৰ নাম কেলেংকাৰিৰ লগত সাঙুৰিছে৷ জেৰাৰ সময়ত পোহৰলৈ অহা তথ্যৰ আধাৰতে চি আই ডিয়ে আজি মহানগৰীৰ চানমাৰিৰ জিতুল শাণ্ডিল্য নামৰ এজন যুৱকৰ ঘৰত অভিযান চলায়৷ এইগৰাকী জিতুল শাণ্ডিল্য হ’ল সুৰজ শর্মাৰ সহযোগী৷ যাৰ নাম কালি পি কে দত্তই চি আই ডিৰ আগত সদৰী কৰিছিল৷ দত্তই জনোৱা মতে পলাতক ৰুবুল হাজৰিকাই সুৰজ শর্মাৰ লগত এখন ৰঙা ৰেঞ্জৰ ৰ’ভাৰ গাড়ীৰে পি কে দত্তৰ ঘৰত প্রায়ে উপস্থিত হৈছিল আৰু ধনৰ লেনদেন কৰিছিল৷ কালি সুৰজ শর্মাৰ জাপৰিগোগৰ ঘৰৰ পৰাই আৰক্ষীয়ে ৰঙা ৰেঞ্জৰ ৰ’ভাৰ গাড়ীখন জব্দ কৰে যদিও শর্মাক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল৷ ইয়াৰ পাছতে সুৰজ শর্মাৰ হৈ ধন সংগ্রহ কৰা জিতুল শাণ্ডিল্যৰ ঘৰত আজি চি আই ডিয়ে তালাচী চলায়৷ জানিব পৰা মতে, এই চক্রটোৱে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগতো ধনৰ বিনিময়ত নিযুক্তি প্রদান কৰিছিল৷ চি আই ডিৰ হাতত থকা তথ্য অনুসৰি নিতুল শাণ্ডিল্যৰ ভাতৃয়েও শেহতীয়াকৈ পঞ্চায়ত আৰু গ্রামোন্নয়নৰ চাকৰি লাভ কৰিছিল৷
Prev Post
You might also like