ৰাজস্থানৰ সন্মুখত আজি শ্রেয়াছ আয়াৰৰ দিল্লী কেপিটেলছ
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ আই পি এলত ক্রমাগত তিনিটা পৰাজয়ৰ পিছত বহু প্রত্যাশিত জয়ৰ সন্ধানত ৰাজস্থান ৰয়েলছে আজি পুনৰ খেলপথাৰত নামিব৷ শ্বাৰজাহ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া মেচখনত ষ্টিভেন স্মিথ নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব আত্মবিশ্বাসী দিল্লী কেপিটেলছ৷
উল্লেখ্য যে ৰাজস্থান ৰয়েলছে এই গ্রাউণ্ডত প্রথম দুয়োখন মেচত চমকপ্রদ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু শ্বাৰজাহতকৈ তুলনামূলকভাৱে ডাঙৰ গ্রাউণ্ড ডুবাই আৰু আবু ধাবিত দলটো শোচনীয়ভাৱে ব্যর্থ হয়৷ দলটোৱে ইতিমধ্যে মূল একাদশত ব্যাপক সালসলনিৰে খেলপথাৰত নামিছে যদিও জয়ৰ ধাৰালৈ উভতিব পৰা নাই৷ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে যশস্বী জয়ছোৱাল, কার্তিক ত্যাগী আৰু অংকিত ৰাজপুতক সুযোগ দিয়া হয় যদিও ত্যাগীৰ বাহিৰে কোনো এগৰাকীয়ে দলৰ প্রত্যাশা পূৰণ কৰিব নোৱাৰিলে৷ অধিনায়ক ষ্টিভেন স্মিথ আৰু তাৰকা মিডল অর্ডাৰ বেটছমেন সঞ্জু ছেমছনে হঠাতে ফর্ম হেৰুওৱাক লৈও দলটো বিপদত পৰিছে৷ শ্বাৰজাহত অনুষ্ঠিত প্রথম দুয়োখন মেচতে বিধ্বংসী বেটিঙেৰে ৰাজস্থানৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰা ছেমছন আৰু স্মিথে শেহতীয়া তিনিখন মেচত অধিক সময় ক্রিজত বর্তি থাকিব পৰা নাই৷
অৱশ্যে অ’পেনাৰ জ’ছ বাটলাৰৰ ফর্ম উদ্ধাৰে দলটোক কিছু সকাহ দিছে৷ মুম্বাইৰ বিৰুদ্ধে তেওঁ মাত্র ৪৪ বলৰ সন্মুখীন হৈ ৭০ ৰানৰ আকর্ষণীয় ইনিংছ খেলিছিল৷
ইফালে, পাঁচখন মেচৰ চাৰিখনতে জয়েৰে আত্মবিশ্বাসী হৈ থকা দিল্লী কেপিটেলছে পুনৰ এবাৰ শক্তিৰ পৰিচয় দিয়াৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ অধিনায়ক শ্রেয়াছ আয়াৰৰ লগতে পৃথ্বি শ্ব, ঋষভ পণ্ট সুন্দৰ ফর্মত আছে৷ অলৰাউণ্ডাৰ মার্কাছ ষ্টইনিছে ইতিমধ্যে দুটা অর্ধশতক অর্জন কৰিবলৈ সক্ষম হৈছে৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷