বিটিআৰত নির্বাচন
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত যোৱা বুধবাৰে অনুষ্ঠিত কেবিনেটৰ বৈঠকত বি টি আৰ চুক্তিক লৈ কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সিদ্ধান্তকেইটা আচলতে চৰকাৰে তমানৰ বি টি আৰ্বাসীক দিয়া প্রতিশ্রুতি আছিল৷ সেই প্রতিশ্রুতি ৰক্ষা কৰি ৰাজ্য চৰকাৰে নিজৰ দায়বদ্ধতাৰ পৰিচয় দিছে৷ তদুপৰি, নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত গ্রহণ কৰা সিদ্ধান্তটো সময়োপযোগী হৈছে৷ পৰিষদীয় অঞ্চলটোত দীর্ঘদিনৰ বাবে ৰাজ্যপালৰ শাসন চলি থকাটো গণতন্ত্রৰ বাবে শুভলক্ষণ নহয়৷ যিমান পাৰি সোনকালে জনসাধাৰণৰ হাতত জনপ্রতিনিধি নির্বাচনৰ দায়িত্ব দিলেহে প্রকৃতার্থত স্বায়ত্তশাসিত ৱস্থাটো অর্থৱহ হৈ পৰ্বি৷ গণতন্ত্রৰ প্রতি জনসাধাৰণৰ বিশ্বাস আৰু আস্থা অধিক গভীৰ হ’ব৷ অৱশ্যে ক’ৰোনাই বিধি–পথালি নিদিলে অঞ্চলটোত কেতিয়াবাই সাধাৰণ নির্বাচন অনুষ্ঠিত হৈ গ’লহেঁতেন৷ কোকৰাঝাৰত জনতাৰ দ্বাৰা নির্বাচিত চৰকাৰ এখন গঠন হ’লহেঁতেন৷ অতিমাৰী ভাইৰাছটোৱে এনে এটা পৰিৱেশৰ সৃষ্টি কৰিলে যে কায়িকভাৱে মানুহ মানুহৰ কাষত অৱস্থান ল’ পৰা অৱস্থা এটাই নাইকিয়া হৈ পৰিল৷
সামাজিক দূৰত্ব জাই ৰখাটো অৱশ্যম্ভাৱী হৈ পৰিল৷ তেনে পৰিৱেশত সাধাৰণ নির্বাচন অনুষ্ঠিত কৰ্বিলৈ কোনো এখন কল্যাণকামী চৰকাৰে অনুমতি দ্বি নোৱাৰে৷ পৰিস্থিতিৰ তাগিদাত পৰি চৰকাৰে বিটিচিৰ শাসন ক্ষমতা ৰাজ্যপালৰ হাতত তুলি দিবলৈ বাধ্য হ’ল৷ ক’ৰোনাৰ সংকট এতিয়াও আঁতৰা নাই৷ ইয়াৰ সংক্রমণ, মৃত্যুৰ বিভীষিকা আজিও দেশখনত ব্যাহত আছে৷ ইয়াৰ পৰা পৰিত্রাণ পাবলৈ সামাজিক দূৰত্বৰ বিধি আজিও কঠোৰভাৱে বলৱৎ আছে৷ কিন্তু তেনে পৰিস্থিতিৰ মাজতো চৰকাৰে বিহাৰ বিধানসভাৰ নির্বাচন ঘোষণা কৰে৷ ক’ভিড প্রট’কল মানি কিছু চর্তৰ মাজেৰে বিহাৰ বিধানসভাৰ নির্বাচন অনুষ্ঠিত কৰ্বিলৈ সিদ্ধান্ত গ্রহণ কৰা হয়৷ তাৰ পিছত বি টি আৰত নির্বাচন পিছলৈ ঠেলি থকাৰ অৱকাশ প্রায় শূন্য হৈ পৰে৷ সেয়ে কেবিনেটৰ বৈঠকে ডিচেম্বৰৰ ভিতৰত বি টি আৰত সাধাৰণ নির্বাচন অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তক সময়োপযোগী হোৱা বুলি ক’ব পাৰি৷ ইয়াৰ অধিক বিলম্বই বি টি আৰৰ জনসাধাৰণলৈ ভুল বার্তা প্রেৰণ কৰিব পাৰে৷ কেবিনেটে নির্বাচন অনুষ্ঠিতকৰণৰ সিদ্ধান্ত ল’লেও বিহাৰ বিধানসভা নির্বাচনৰ পূর্বে বি টি আৰত সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা কম৷ ক’ভিড পৰিস্থিতিৰ মাজত ৰাজ্যখনত অনুষ্ঠিত নির্বাচনৰ পর্যালোচনা কৰাৰ সুবিধাটো ৰাজ্য চৰকাৰে এৰি দিয়াৰ সম্ভাৱনা কম৷ অৱশ্যে এনে জটিল অৱস্থাত বিহাৰৰ নির্বাচনলৈ অপেক্ষা কৰাটো একো অন্যায় কাম নহয় বুলিয়েই ক’ব পাৰি৷
বুধবাৰে কেবিনেট বৈঠকে আৰু তিনিটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ তাৰে এটা হ’ল, বডো ভাষাক সহযোগী ভাষাৰ মর্যাদা প্রদান৷ বি টি আৰ চুক্তিৰ জৰিয়তে চৰকাৰে এইটো প্রতিশ্রুতি দি থৈছিল৷ ইয়াক সঠিকভাৱে কার্যকৰী কৰাৰ দায়িত্বও এতিয়া চৰকাৰে গ্রহণ কৰিব লাগিব৷ কিয়নো, কোকৰাঝাৰ জিলা আৰু ওদালগুৰি মহকুমাত সহযোগী ভাষা হিচাপে বডো ভাষাটো সুদীর্ঘ কালৰ পৰাই আছে যদিও বাস্তৱ ক্ষেত্রত ইয়াৰ কার্যকাৰিতা নাছিল লিয়েই ক’ব পাৰি৷ আনহাতে, পৰিষদীয় অঞ্চলত অসমীয়া ভাষাৰ মর্যাদা ৰক্ষাৰ বাবেও চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্রহণ কৰিছে৷ এইটোৱে অজনজাতীয় লোকসকলক সকাহ দিব৷ অৱশ্যে বি টি আৰ চুক্তিখন কার্যকৰী কৰিবলৈ যাওঁতে চৰকাৰ প্রথমে যিটো অভিযোগৰ সন্মুখীন হৈছে। সমাগত দিনকেইটাত হ’ব, সেইটো হ’ল পৰিষদীয় অঞ্চলত বিস্বাস কৰা অজনজাতীয় লোকসকলৰ সমস্যা বিষয়ক৷ চৰকাৰে অজনজাতীয় লোকসকলৰ কথাও শুনিব লাগিব৷ গুৰুত্বসহকাৰে শুনিব লাগিব৷ লগতে সমাধানৰ পথ উলিয়াই দিব লাগিব৷