নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ভাৰতীয় বায়ুসেনাই বৃহস্পতিবাৰে ৮৮সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰিছে বর্ণাঢ্য কার্যসূচীৰে৷ প্রতিষ্ঠা দিৱস উপলক্ষে দেশৰ অন্যতম সশস্ত্র বাহিনীটোৰ গাজিয়াবাদস্থিত হিন্দন বিমান ঘাটিত এক বিশাল কুচকাৱাজৰ আয়োজন কৰা হয়৷ এই বায়ুসেনা দিৱসত এয়াৰ চীফ মার্শ্বাল ৰাকেশ কুমাৰ সিং ভাডাউৰিয়া, চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল বিপিন ৰাৱাট, স্থলসেনাৰ মুৰব্বী জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে গাজিয়াবাদত আয়োজন কৰা গ্রেণ্ড পেৰেড পৰিদর্শন কৰে৷
ইফালে, বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে দেশৰ সার্বভৌমত্ব যিকোনো পৰিস্থিতি ৰক্ষা কৰিবলৈ বায়ুসেনা সক্ষম বুলিও ঘোষণা কৰে৷ যিকোনো যুদ্ধত বায়ুসেনাই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ থকা বুলিও ভাডাউৰিয়াই ঘোষণা কৰে৷
ইফালে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বায়ুসেনা দিৱসত সশস্ত্র বাহিনীটোৰ বীৰ যোদ্ধাসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷