নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড–১৯ মহামাৰী সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ প্রধানমন্ত্রীগৰাকীয় কয় যে ক’ভিড–১৯ৰ যুঁজ হৈছে জনসাধাৰণৰ দ্বাৰা পৰিচালিত৷ গতিকে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ কৰিবলৈ দেশৰ নাগৰিকসকল ঐক্যবদ্ধ হ’ব লাগিব৷
ক’ভিড–১৯ৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ হ’লে নাগৰিকসকলে মাস্ক পৰিধান কৰাৰ লগতে সঘনে হাত ধোৱাৰ উপৰি সামাজিক দূৰত্ব মানি চলিব লাগিব বুলিও মোদীয়ে উল্লেখ কৰিছে৷ ক’ভিড যোদ্ধাসকলৰ বাবে ভাৰতত ক’ভিড–১৯ মহামাৰীবিৰোধী যুঁজখনে শক্তিলাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মোদীয়ে ‘ইউনাইট টু ফাইট ক’ৰোনা’ শীর্ষক প্রচাৰ অভিযান আৰম্ভ কৰিছে৷