লাচিত নগৰ আধাৰ কার্ড সেৱা কেন্দ্রত অভাৱনীয় ভিৰ
ক’ভিড প্রট’কল উলংঘা একাংশৰঃ নীৰৱ আৰক্ষী প্রশাসন
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ চৰকাৰী আঁচনিকে ধৰি বেংক ব্যৱস্থা আৰু অন্যান্য কামত এতিয়া আধাৰ কার্ড সকলোতকৈ গুৰুত্বপূর্ণ নথি হিচাপে বিবেচিত হৈছে৷ চৰকাৰী সা–সুবিধা আৰু অন্যান্য সুবিধাৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো নাগৰিকে এতিয়া আধাৰ কার্ড সংগ্রহ কৰাৰ বাবে বেংক অথবা আধাৰ কার্ড সেৱা কেন্দ্রত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ গুৱাহাটী মহানগৰীৰ প্রতিটো আধাৰ কেন্দ্রত পুৱাৰে পৰা শ শ লোক উপস্থিত হৈ নিজৰ প্রয়োজনীয় আধাৰ কার্ড সংগ্রহ কৰাত ব্যস্ত হৈ পৰিছে৷ ক’ৰোনা মহানগৰীৰ ক্ষেত্রত জিলা প্রশাসন তথা ৰাজ্যৰ স্বাস্থ্য বিভাগে বান্ধি দিয়া সকলো নীতি–নিয়ম উলংঘা কৰি আধাৰ কেন্দ্রত ভিৰ কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াইছে৷ মহানগৰীৰ লাচিত নগৰস্থিত আধাৰ কার্ড কেন্দ্রত আজি আধাৰ কার্ড বিচাৰি পুৱতিনিশাৰে পৰা শ শ লোক উপস্থিত হোৱা পৰিলক্ষিত হয়৷ ক’ভিড প্রট’কল উলংঘা কৰি আধাৰ কেন্দ্রত একাংশ লোকে ভিৰ কৰে যদিও এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ পর্যাপ্ত আধাৰ কেন্দ্র নথকাৰ বাবে ছয়গাঁও, বকো, গোৱালপাৰা, মির্জা, ৰহা আৰু জাগিৰোডকে ধৰি বিভিন্ন স্থানৰ পৰা আধাৰ কার্ড বনাবলৈ বহু লোকে লাচিত নগৰস্থিত আধাৰ কার্ড সেৱা কেন্দ্রত ভিৰ কৰে৷ উল্লেখ্য যে উক্ত আধাৰ কেন্দ্রত উপস্থিত হৈ আবেদনকাৰী লোকসকলে নিজৰ নথি–পত্র কর্মচাৰীৰ হাতত জমা দিয়াৰ বাবে হেতাওপৰা লগাই একাংশ লোকে পৰিৱেশ বিনষ্ট কৰিছে৷ সেয়েহে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্রতিখন জিলাত আধাৰ কার্ড সেৱা কেন্দ্র বৃদ্ধি কৰিবলৈ আবেদনকাৰীৰ লগতে সচেতন মহলে বিভাগীয় কর্তৃপক্ষক আহ্বান জনাইছে৷