নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিৰ নির্দেশনা উলংঘাৰে চলাইছে ব্যৱসায়

উলুবাৰীৰ চিটী ৱাক ইণ্টাৰনেচনেল হোটেলৰ পার্কিঙতে ৰিচিপছন কাউণ্টাৰ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ  গুৱাহাটী পৌৰ নিগম আৰু জিএমডিএৰ বিষয়া–কর্মচাৰীৰে গোপন বুজাবুজি কৰি একাংশ ব্যৱসায়ীয়ে নীতি–নির্দেশনা উলংঘাৰে বিলাসী হোটেল নির্মাণ কৰি ব্যৱসায় চলাই আহিছে৷ শেহতীয়াকৈ উলুবাৰীৰ চিটি ৱাক ইণ্টাৰনেচনেল নামৰ হোটেলখনৰ বিৰুদ্ধে পৌৰ নিগমৰ নীতি–নির্দেশনা উলংঘাৰে ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ হোটেলখনৰ স্বত্বাধিকাৰীয়ে জিএমডিএ আৰু জিএমচিৰ একাংশ অসাধু বিষয়াৰে গোপন বুজাবুজি কৰি পার্কিং নথকাকৈয়ে বিলাসী হোটেলখন নির্মাণ কৰিছিল৷ গুৱাহাটী মহানগৰীত যিকোনো ধৰণৰ অট্টালিকা নির্মাণ কৰিবলৈ হ’লে পার্কিং ৰখাটো বাধ্যতামূলক৷ কিন্তু চিটি ৱাক ইণ্টাৰনেচনেল নামৰ হোটেলখনৰ স্বত্বাধিকাৰীয়ে পার্কিং নথকাকৈয়ে কেনেদৰে হোটেল নির্মাণ কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ জিএমচি আৰু জিএমডিএৰ বিষয়া–কর্মচাৰীৰে থকা গোপন বুজাবুজিৰ বাবেই গুৱাহাটী পৌৰ নিগমৰ পৰা চিটি ৱাক ইণ্টাৰনেচনেল হোটেলৰ নামত ব্যৱসায়ীক অনুজ্ঞাপত্র উলিয়াই এতিয়া হোটেলখনৰ পার্কিঙতে ৰিচিপছন কাউণ্টাৰ বনাই মুকলিকৈয়ে ব্যৱসায় চলাই আহিছে৷ জিএমচিৰ নীতি–নির্দেশনা উলংঘাৰে উলুবাৰীত বিলাসী হোটেলৰ ব্যৱসায় চলোৱা চিটি ৱাক ইণ্টাৰনেচনেল হোটেল কর্তৃপক্ষৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা উপায়ুক্তই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like