নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত সৰোজ শর্মাক গ্রেপ্তাৰ ক্রাইম ব্রাঞ্চৰ

এছআই কেলেংকাৰিৰ নতুন মোৰঃ একেদিনাই আৰক্ষীৰ জালত দুই অভিযুক্ত

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ   অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত সৰোজ শর্মাকে ধৰি কেইবাজনো দালাল শুকুৰবাৰে আৰক্ষীৰ জালত পৰে৷ এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত উক্ত কেলেংকাৰিৰ অন্যতম অভিযুক্ত সৰোজ শর্মাক চি আই ডি আৰু ক্রাইম ব্রাঞ্চে আজি বৰঝাৰ বিমানবন্দৰৰ পৰা গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে এছ আই পদৰ নিযুক্তি কেলেংকাৰি ফাদিল হোৱাৰ পাছতে দালাল সৰোজ শর্মা পলাতক হৈ আছিল৷ কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্ত আৰক্ষীৰ জালত পৰাৰ পাছতে এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত হিচাপে দত্তই চি আই ডিৰ জেৰাত সৰোজ শর্মাৰ নাম লৈছিল৷ ইয়াৰ পাছতে চি আই ডিয়ে দালাল সৰোজক বিচাৰি মহানগৰীৰ জাপৰিগোগৰ বাসগৃহত অভিযান চলাইছিল৷ অভিযানৰ সময়ত শর্মা পলাতক হৈ আছিল৷ চি আই ডিয়ে সৰোজৰ ৰঙা ৰঙৰ বিলাসী ৰেঞ্জ ৰ’ভাৰ এখন জব্দ কৰাৰ লগতে দালালজনক তদন্তকাৰী সংস্থাটোৰ উলুবাৰীস্থিত কার্যালয়ত হাজিৰ হ’বলৈ নির্দেশ দিছিল৷ এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড দিবন ডেকাৰ ঘনিষ্ঠ তথা ব্যৱসায়িক অংশীদাৰ সৰোজ শর্মা গ্রেপ্তাৰৰ ভয়ত গুৱাহাটীৰ পৰা পলায়ন কৰিছিল৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, সৰোজ শর্মাই দিল্লী, লক্ষ্ণৌ আদিত আত্মগোপন কৰি আছিল৷

শুকুৰবাৰে লক্ষ্ণৌৰ পৰা অসমলৈ ঘূৰি আহোঁতে বৰঝাৰ বিমানবন্দৰৰ পৰা চি আই ডি আৰু ক্রাইম ব্রাঞ্চৰ দলে দালাল সৰোজক গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ সূত্রটোৱে জনোৱা মতে, দিবন ডেকাৰ লগত থাকি এছ আই পৰীক্ষাৰ প্রশ্নকাকত ছপোৱা কামৰ অন্যতম অংশীদাৰ হৈ নিযুক্তিৰ নামত বিশাল বজাৰ মেলিছিল ধৃত সৰোজে৷ নিযুক্তি কেলেংকাৰিকে ধৰি বহু অবৈধ কাৰবাৰৰ অংশীদাৰ হৈ সৰোজ শর্মাই গঢ়ি তুলিছিল বিশাল সম্পত্তি৷ জাপৰিগোগত পাৰিজাত ভেৰাইটিজ নামৰ ব্যৱসায়িক প্রতিষ্ঠান গঢ়ি তোলা সৰোজে ছবি নির্মাণৰ কামতো হাত দিছিল৷ ইফালে দুর্নীতিৰ সদাগৰ পি কে দত্তৰ স্বীকাৰোক্তিৰ আঁত ধৰি চি আই ডি, বঙাইগাঁও আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ মাজতে  এছ আই পদৰ পৰীক্ষা কেলেংকাৰিত প্রত্যক্ষভাৱে জড়িত তথা অক্ষয় টেলিকমিউনিকেচন নামৰ বঙাইগাঁওস্থিত প্রতিষ্ঠানটোৰ অন্যতম অংশীদাৰ ৰুবুল আলী ওৰফে ৰুবুল হাজৰিকাই শুকুৰবাৰে নলবাৰীত আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে৷ এছ আই কেলেংকাৰি ফাদিল হোৱাৰ পাছৰে পৰা পলাতক হৈ থকা ৰুবুলে আত্মসমর্পণ কৰাৰ পাছতে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক (আইন–শৃংখলা) জি পি সিঙে নলবাৰী আৰক্ষী ছাউনীলৈ গৈ পি কে দত্ত, দিবন ডেকা আৰু সৰোজ শর্মাৰ ঘনিষ্ঠ ৰুবুল হাজৰিকাক জেৰা কৰে বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ সূত্রটোৱে জনোৱা মতে, বিগত ১০ বছৰজুৰি পি কে দত্তৰে ঘনিষ্ঠ সম্পর্ক আছিল ৰুবুল হাজৰিকাৰ৷ ইফালে, এই পি কে দত্ত এণ্ড কোম্পানীৰে ঘনিষ্ঠ তথা এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ দুই দালাল হীৰক চৌধুৰী আৰু হীৰুমণি নাথক ক্রমে মহানগৰীৰ গণেশপাৰা আৰু গীতানগৰৰ পৰা চি আই ডিয়ে গ্রেপ্তাৰ কৰে৷ এছ আই পদৰ নিযুক্তি কেলেংকাৰিত জড়িত এই কুখ্যাত চক্রটোক চি আই ডিয়ে সঠিকভাৱে জেৰা কৰিলে এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰা বহু দালালৰ তথ্য পোহৰলৈ আহিব পাৰে৷
অক্ষয় টেলিকমিউনিকেচনৰ মালিক আখিয়া চান্দৰ পলায়ন
এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ছপোৱা তথা পৰীক্ষা পৰিচালনাৰ উপ–ঠিকা লাভ কৰা অন্যতম প্রতিষ্ঠান অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰ আখিয়া চান্দে অসম এৰি পলায়ন কৰিছে৷ বিশেষকৈ এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত চি আই ডিয়ে উক্ত কেলেংকাৰিত এজন এজনকৈ গ্রেপ্তাৰ কৰাৰ পাছত বঙাইগাঁৱৰ উক্ত প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰ আখিয়া চান্দে অসমৰ বাহিৰত আত্মগোপন কৰে৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, বঙাইগাঁৱৰ এইজন বিতর্কিত ব্যৱসায়ীয়ে এপষেক পূর্বে চহৰখনতে দপদপাই মুক্তভাৱে ঘূৰি ফুৰিছিল৷ কিন্তু এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ অন্যতম খলনায়ক দিবন ডেকা গ্রেপ্তাৰ হোৱাৰ পাছতে আখিয়া চান্দে আত্মগোপন কৰে৷ উল্লেখ্য যে এইজন আখিয়া চান্দ ৰাজ্যৰ যোগানমন্ত্রী ফণীভূষণ চৌধুৰীৰ অতি ঘনিষ্ঠ ব্যক্তি হিচাপে পৰিচিত৷ উক্ত কেলেংকাৰিত অক্ষয় টেলিকমিউনিকেচনৰ নাম সাঙোৰ খাই পৰাৰ পাছতো চি আই ডি আৰু ক্রাইম ব্রাঞ্চে মন্ত্রীৰ ঘনিষ্ঠ হোৱা বাবেই বিতর্কিত প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী আখিয়া চান্দক ঢুকি পোৱা নাছিল৷ ৰাজনীতিৰ মেৰপেঁচ থকা বাবেই তদন্তকাৰী সংস্থা দুটাই ব্যৱসায়ীজনক গ্রেপ্তাৰ কৰাৰ ক্ষেত্রত পিছ হুঁহকিছিল আৰু এইক্ষেত্রত ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ উঠিছিল৷ কিন্তু চি আই ডিয়ে এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ কেইবাজনো মূল অভিযুক্তক এজন এজনকৈ গ্রেপ্তাৰ কৰাত আখিয়া চান্দে পলায়ন কৰে৷ জানিব পৰা মতে, আখিয়া চান্দে বর্তমান ৰাজস্থানত আত্মগোপন কৰি আছে৷ ইফালে এই কেলেংকাৰিত খোদ আৰক্ষীৰ দত্ত উপাধিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জড়িত থকা বুুলি কুখ্যাত পি কে দত্তই স্বীকাৰোক্তি দিছে৷ কিন্তু এই কেলেংকাৰিত জড়িত থকা কোনো মূধাফুটা ব্যক্তি বা ৰাজনীতিকৰ নাম পোহৰলৈ অহাৰ বাবেই চি আই ডিয়ে আৰক্ষী বিষয়া দুজনক গ্রেপ্তাৰৰ পৰিৱর্তে ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ উঠিছে৷
পি কে দত্তক লগত লৈ হোটেল ভার্গৱ গ্রেণ্ডত চিআইডিৰ অভিযান
অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক চি আই ডিয়ে মাৰাথন জেৰা চলাই আছে৷ তদন্তকাৰী বিষয়াৰ জেৰাত বিতর্কিত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াজনে বহু বিস্ফোৰক তথ্য সদৰী কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে তদন্তৰ খাতিৰতে হওক বা ৰাজনীতিৰ মেৰপেঁচ থকা বাবেই হওক, চি আই ডিয়ে তদন্তত লাভ কৰা তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে৷ ইয়াৰ মাজতে আজি চি আই ডিয়ে পি কে দত্ত মালিকানাধীন মহানগৰীৰ বেতকুছিস্থিত হোটেল ভার্গৱ গ্রেণ্ডত পুনৰ অভিযান চলায়৷ জানিব পৰা মতে, চি আই ডিৰ দলটোৱে দত্তক লগত লৈ হোটেলখনত উপস্থিত হয়৷ হোটেলখনত উপস্থিত হৈ আৰক্ষীয়ে এছ আই পদৰ পৰীক্ষাৰ অনুশীলন কৰা কোঠা আৰু প্রার্থী থকা কোঠাসমূহৰ ভিডি’গ্রাফী কৰে৷ দণ্ডাধীশৰ উপস্থিতিত ভিডি’গ্রাফী কৰাৰ সময়ত পি কে দত্তই কোঠাসমূহ চি আই ডিক দেখুৱাই দিয়ে৷ উল্লেখ্য যে এই হোটেলখনত এছ আই পদৰ পৰীক্ষাৰ অনুশীলন আৰু প্রার্থী থকা মুঠ ২৯টা কোঠা চি আই ডিয়ে কিছুদিন পূর্বে ছীল কৰিছিল৷ ইফালে, ধনৰ বিনিময়ত এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত যোগান ধৰা দালাল এজনৰ ঘৰতো আৰক্ষীয়ে অভিযান চলায়৷ জানিব পৰা মতে, কামৰূপ জিলাৰ চাংসাৰিৰ বিজেপিৰ যুৱ নেতা জিণ্টু নাথে কাকুমণি আৰু মৃণাল নামৰ দুজন প্রার্থীক ধনৰ বিনিময়ত প্রশ্ণকাকত যোগান ধৰিছিল৷ এছ আই পদৰ পৰীক্ষা কেলেংকাৰিত জড়িত থকাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে জিণ্টু নাথক বিচাৰি অভিযান চলায় যদিও সেই সময়ত যুৱ নেতাজন ঘৰত নাছিল৷
প্রশ্ন কাকত ফাদিল কাণ্ডত আৰু দুই দালাল ৰুবুল আৰু কুমুদ আৰক্ষীৰ জালত
বহু চাঞ্চল্যকৰ অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তিৰ প্রশ্ণকাকত ফাদিল কাণ্ডৰ তদন্ত অব্যাহত আছে নলবাৰীত৷ প্রশ্ণকাকত ফাদিল কেলেংকাৰিৰ অভিকেন্দ্রস্বৰূপ নলবাৰী জিলাৰ পৰা কেইবাগৰাকী বিজেপি নেতা, দালাল, পৰীক্ষার্থী আৰক্ষীৰ জালত পৰাৰ পাছত শেহতীয়াকৈ অক্ষয় টেলিকমিউনিকেচন নামৰ সংস্থাটোৰ ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলীয়ে নাটকীয়ভাৱে আত্মসমর্পণ কৰাৰ লগতে এই কেলেংকাৰিত চর্চালৈ অহা আন এগৰাকী চাকৰিৰ দালাল হাজোৰ কুমুদ কলিতা আজি নলবাৰী আৰক্ষীৰ জালত পৰে৷ নামনি অসমত ব্যাপক পৰিমাণৰ ধন সংগ্রহৰ দায়িত্ব কুমুদ কলিতাই পালন কৰা বুলি আৰক্ষীৰ এক সূত্রত প্রকাশ পাইছে৷ ইপিনে, আটকাধীন ৰুবুল হাজৰিকাক অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙৰ নেতৃত্বত নলবাৰী আৰক্ষী ছাউনীত মাৰাথন জেৰা চলাৰ অন্তত ধৃত ৰুবুলক লৈ এক বিশাল আৰক্ষী বাহিনী গুৱাহাটী অভিমুখে ৰাওনা হয়৷ আনহাতে, শেহতীয়াকৈ নলবাৰীৰ এগৰাকী শীর্ষ আৰক্ষী বিষয়া এনে কেলেংকাৰিত জডিত হোৱাক লৈ ব্যাপক চর্চা লাভ কৰিছে৷ আৰক্ষী বিষয়া এনে বিয়াগোম কেলেংকাৰিত জডিত থকাক লৈ এতিয়া বহু প্রশ্ণ উত্থাপন হৈছে৷ এই কেলেংকাৰিটোৰ তদন্তৰ দায়িত্ব লৈ এনে আৰক্ষী বিষয়াই তদন্ত প্রক্রিয়া অন্য দিশলৈ নিয়াৰ চেষ্টা চলাইছে নেকি? প্রশ্ণ উঠিছে৷ কিয়নো মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ঘনিষ্ঠ বিজেপি নেতা কুলদীপ ৰাজবংশী আৰু নিতুল বর্মন নলবাৰী আৰক্ষীৰ জালত পৰাৰ পাছতেই তদন্ত লেহেমীয়া হোৱাৰ দিশে গতি কৰিছে৷ যি সময়ত পুঠি–খলিহনা ধৰিবলৈ শীর্ষ আৰক্ষী বিষয়াসকলে দিনে–নিশাই জিলাখনৰ উপৰি বহিঃজিলাতো অভিযান চলাই আছে, তেনে সময়তে উক্ত কেলেংকাৰিত জড়িত থকা বুলি চর্চালৈ অহা জিলাখনৰ শীর্ষ পর্যায়ৰ আৰক্ষী বিষয়াজনক তদন্তৰ আওতালৈ আনিবনে বুলি প্রশ্ণ উত্থাপন হৈছে৷

You might also like