নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক সময়ত অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী নৃত্যশিল্পীৰ ভূমিকাত অৱতীর্ণ হ’বঃ পবিন্দ্র ডেকা

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  ‘আগন্তুক সময়ত অগপ দলক আৰু কোনেও উদ্ধাৰ কৰিব নোৱাৰে৷ কাৰণ দলটো অচিৰেই বিজেপিৰ পেটত গ্রাস হৈ সম্পূর্ণভাৱে বিলীন হৈ যাব৷ আগন্তুক সময়ত অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে নৃত্যশিল্পীৰ ভূমিকাত অৱতীর্ণ হৈ ‘আকৌ এবাৰ সর্বাৰ চৰকাৰ’ গানৰ তালে তালে নাচি থকাৰ বাদে আন উপায় নাথাকিব৷’ –এই বিস্ফোৰক মন্তব্য অগপৰ জ্যেষ্ঠ নেতা পবিন্দ্র ডেকাৰ৷ শুকুৰবাৰে পাঠশালাত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র ডেকাই সাংবাদিকৰ আগত মুকলিকৈ দলীয় নেতৃত্বক এনেদৰে সমালোচনা কৰে৷ উল্লেখ্য যে পঞ্চায়ত নির্বাচনৰ সময়ৰ পৰা অগপ বিধায়ক পবিন্দ্র ডেকাই শীর্ষ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ আহিছে৷ ফলত অগপৰ মজিয়াত দূৰত্ব স্পষ্টভাৱে বৃদ্ধি পাইছে পবিন্দ্র ডেকাৰ৷ তাৰ মাজতে যোৱা ৭ অক্টোবৰত পাটাছাৰকুছি সমষ্টিৰ কেইবাগৰাকীও অগপ নেতা–কর্মী আৰু বহু সমর্থকসহ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড০ ৰঞ্জিত ডেকাই আমবাৰীত আয়োজিত অনুষ্ঠানত অগপত যোগদান কৰে৷ পাটাছাৰকুছিত আগন্তুক নির্বাচনত অগপৰ সম্ভাব্য প্রার্থী ৰূপে চর্চিত হৈছে ড০ ডেকা৷ এনে ক্ষণতে আজি পাঠশালাত সাংবাদিকৰ আগত বিধায়ক পবিন্দ্র ডেকাই অগপ নেতৃত্বৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰে৷ তেওঁ অগপৰ সভাপতি অতুল বৰা, মন্ত্রী কেশৱ মহন্ত আৰু মন্ত্রী ফণীভূষণ চৌধুৰীক ‘ডেন্সাৰ’ আখ্যা দি কয় যে অগপ দলক বিজেপিয়ে এতিয়া গিলি পেলাইছে৷ অগপ দল ইতিমধ্যে বিজেপিৰ পেটত সোমাইছে৷ কেৱল হজম হওঁতে অলপ সময় লাগিব৷ কাৰণ ভাত খালে ১ ঘণ্টাত হজম হয়, কিন্তু মাছ–মাংস খালে অলপ সময় লাগে৷ সেয়ে অগপ হজম হওঁতে অলপ সময় লাগিব৷ অগপই নিজে দলৰ অৱস্থা জয়জয়–ময়ময় বুলি ভাবি আছে৷ কিন্তু দৰাচলতে সেয়া সত্য নহয় আৰু যদিহে অগপ তেনেদৰে হজম হৈ বিজেপিৰ পেটত গ্রাস হয়, তেন্তে পবিন্দ্র ডেকাই অগপত থকাৰ প্রশ্ণই নুঠে বুলি দোহাৰে বিধায়কগৰাকীয়ে৷ আনহাতে, অগপ নেতৃত্বই গুৰুত্ব নিদিলেও আগন্তুক নির্বাচনত পবিন্দ্র ডেকাই শক্তিশালীভাৱে পাটাছাৰকুছি সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা বুলি ঘোষণা কৰে৷ সকলো কথা জানুৱাৰীত স্পষ্ট হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ ইপিনে ডেকাই এজেপি দলত যোগদান কৰিব বুলিও চর্চা হৈছে৷ স্বাভাৱিকতে ড০ ৰঞ্জিত ডেকাৰ অগপত যোগদানৰ পাছত এতিয়া পাটাছাৰকুছি সমষ্টিত পবিন্দ্র ডেকাই অধিক তৎপৰ হৈ ৰণনীতি প্রস্তুত কৰাৰ ইংগিত দিছে৷

You might also like