নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ অক্টোবৰৰ ভিতৰত মন্ত্রীগোটে দাখিল কৰিব জনজাতিকৰণৰ প্রতিবেদন

৬ জনগোষ্ঠীৰ দল–সংগঠনৰে বৈঠকৰ অন্তত ড০ শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দর্ভত গঠন কৰা মন্ত্রীগোটে অহা ৩০ অক্টোবৰৰ ভিতৰত কেন্দ্রীয় চৰকাৰক দাখিল কৰিব প্রতিবেদন৷ শুকুৰবাৰে এই কথা সদৰী কৰিছে মন্ত্রীগোটৰ  অধ্যক্ষ তথা ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ খানাপাৰাস্থিত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ছয় জনগোষ্ঠীৰ বিভিন্ন দল–সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত মন্ত্রী ড০ শর্মাই কয়– ‘আজি সমগ্র দিনটো ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কত আলোচনা কৰা হয়৷ কালিও একেটা বিষয়ৰ ওপৰত গুৰুত্বপূর্ণ আৰু দীঘলীয়া আলোচনা হৈছিল৷ ইতিমধ্যে এই সন্দর্ভত বহুখিনি সমস্যাৰ সমাধান হৈছে৷ কিছু প্রশ্ন এতিয়াও অমীমাংসিত হৈ আছে৷ কিন্তু মন্ত্রীগোটে নিজৰ দায়িত্ব সমাপন কৰি ৩০ অক্টোবৰৰ ভিতৰত প্রতিবেদন দাখিল কৰিব৷ আমি আশা কৰিব পাৰোঁ যে প্রতিবেদনখনৰ জৰিয়তে অসমৰ এই সমস্যা সমাধানৰ ক্ষেত্রত কিছু আগবাঢ়ি যাব পাৰিম৷’ ইপিনে ২০২১ চনৰ বিধানসভা নির্বাচনৰ পূর্বে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব নেকি বুলি সোধা প্রশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে এই বিষয়টো নির্বাচনৰ সৈতে জড়িত কৰিব নালাগে৷ জনজাতিকৰণৰ বিষয়টো অৰাজনৈতিকভাৱে যোৱা উচিত৷ নির্বাচন আহিব আৰু যাব৷ কিন্তু জনজাতিকৰণৰ এই সিদ্ধান্ত বহু শ বছৰৰ কাৰণে ৰৈ যাব৷ এই বিষয়টোৰ সৈতে নির্বাচনৰ কোনো সম্পর্ক দেখা নাই৷ উল্লেখ্য যে আহোম, মৰাণ, মটক, চাহ জনগোষ্ঠী, চুতীয়া আৰু কোচ ৰাজবংশীসকলক জনজাতিৰ মর্যাদা প্রদানৰ বাবে দীর্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে৷ অৱশ্যে স্বীকৃতিপ্রাপ্ত একাংশ জনজাতিয়ে এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছে৷ তেওঁলোকে অভিযোগ উত্থাপন কৰি আহিছে যে নতুনকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে স্বীকৃতিপ্রাপ্ত জনজাতিসকলে উপভোগ কৰি অহা সা–সুবিধাত ব্যাঘাত জন্মিব৷ কালি মন্ত্রীগোটে জনজাতিৰ বিৰোধিতা কৰা দল–সংগঠনসমূহ সৈতে মিলিত হৈছিল৷

জনজাতিকৰণক লৈ সৃষ্টি হোৱা এই মত পার্থক্য যথেষ্ট দূৰ হৈছে বুলি মন্তব্য কৰি ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়– ‘দূৰ হোৱা মত পার্থক্য প্রায় ৬০ শতাংশ৷ ৪০ শতাংশহে মত পার্থক্য আছে৷ এক–দুইলানি অনানুষ্ঠানিক আলোচনাৰ অন্তত ৩০ অক্টোবৰৰ ভিতৰত মন্ত্রীগোটে এই প্রতিবেদন দাখিল কৰিব পাৰিব৷’ অৱশ্যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্রীগোটৰ আনুষ্ঠানিক আলোচনা আজিয়েই সামৰণি পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিষয়ত মন্ত্রীগোটৰ আৰু আনুষ্ঠানিক আলোচনা অনুষ্ঠিত নহ’ব৷ সকলোৱে ইতিমধ্যে নিজৰ মন্তব্য প্রকাশ কৰিছে৷ দুই–এটা বিষয়ত স্পষ্টীকৰণ বিচৰা হৈছে৷ তেওঁলোকে নথিপত্র দাখিল কৰিলে দুই–এক অনানুষ্ঠানিক আলোচনা হ’ব পাৰে৷ কিন্তু আনুষ্ঠানিক আলোচনা ইমানতে অন্ত পৰিছে৷ ইপিনে, কেন্দ্রীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মডেলিটী প্রস্তুত কৰি দিয়াৰ দায়িত্ব অর্পণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়– ‘আমি মডেলিটী প্রস্তুত কৰি দিম৷ কেন্দ্রীয় চৰকাৰে আমাৰ পৰামর্শত সন্তুষ্ট হ’লে আলোচনা অনুষ্ঠিত নকৰাকৈ প্রক্রিয়াটো সম্পূর্ণ হ’ব৷ আমাৰ পৰামর্শৰ ওপৰত আইনগতভাৱে বিবেচনা কৰিব পাৰে অথবা কেন্দ্রীয় চৰকাৰৰ প্রক্রিয়া কি হ’ব, সেয়া মই নাজানো৷ কিন্তু ৰাজ্য চৰকাৰৰ যি প্রক্রিয়া সেয়া আমি সম্পূর্ণ কৰিম৷’

লক্ষণীয় যে শুকুৰবাৰে ছয় জনগোষ্ঠীৰ বহুসংখ্যক দল–সংগঠনে মন্ত্রীগোটৰ বৈঠকত উপস্থিত থাকি জনজাতিকৰণ প্রক্রিয়া আগুৱাই নিয়াৰ পক্ষত মত পোষণ কৰে৷ আজিৰ বৈঠকত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে অংশগ্রহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত কয় যে বর্তমানৰ জনজাতিসকলৰ অধিকাৰ কোনো ধৰণৰ খর্ব নকৰাকৈ অসমৰ কোচ ৰাজবংশীসকলক ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, শিক্ষা, ভূমি অধিকাৰ, চাকৰি নিযুক্তি আৰু পদোন্নতি আদিত সম–ধিকাৰ প্রদান কৰি সুকীয়াকৈ সংৰক্ষণৰ ব্যৱস্থাৰে জনজাতিকৰণৰ মর্যাদা প্রদান কৰিব লাগে৷ তেওঁ প্রকাশ কৰা অনুসৰি অসমৰ কোচ ৰাজবংশীসকলক অথবা অবিভক্ত গোৱালপাৰা জিলা অথবা কোচ ৰাজবংশীক সমতল আৰু উজনিৰ কোচ ৰাজবংশীক নতুন জনজাতিকৰণ হিচাপে মান্যতা দিব, তাৰ বাবে এসপ্তাহৰ ভিতৰত সকলো সংগঠনক লিখিতভাৱে মতামত দিবলৈ আহ্বান জনাইছে৷ বৈঠকত অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে সমগ্র বিষয়টো মন্ত্রীগোটে ইতিবাচকভাৱে আগুৱাই নিছে বুলি মন্তব্য কৰে৷

You might also like