নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চনৰ তিনি শতাধিক পদৰ নিযুক্তিত সেউজ সংকেত

অন্তর্ৱর্তীকালীন নির্দেশ প্রত্যাহাৰ হাইক’টৰ

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  ৰাজ্যৰ জলসিঞ্চন বিভাগৰ তিনি শতাধিক শাখা সহায়ক পদৰ নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ ক্ষেত্রত অৱশেষত সেউজ সংকেত দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এপটেক নামৰ এটা প্রতিষ্ঠানে শাখা সহায়ক পদসমূহৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ আইনী মেৰপেঁচত সোমাই পৰিছিল৷ এই সন্দর্ভত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে নিযুক্তি প্রক্রিয়াত জাৰি কৰা অন্তর্ৱর্তীকালীন স্থগিতাদেশ প্রত্যাহাৰ কৰিছে৷ অর্থাৎ শাখা সহায়ক পদসমূহৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগতে নিযুক্তি প্রক্রিয়াৰ ক্ষেত্রত আগবাঢ়িব পাৰিব জলসিঞ্চন বিভাগ৷ কিন্তু ৰুজু হোৱা গোচৰটোৰ অন্তিম নির্দেশৰ ওপৰত নিযুক্তি প্রক্রিয়া নির্ভৰ কৰিব বুলি উচ্চ ন্যায়ালয়ে আজি স্পষ্ট কৰি দিছে৷

উল্লেখ্য যে জলসিঞ্চন বিভাগে তিনি শতাধিক শাখা সহায়ক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ এই পৰীক্ষাত প্রশ্ণকাকত ফাদিলকে ধৰি বিভিন্ন অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল৷ আনকি ব্যাপক ধনৰ লেনদেনৰ বিনিময়ত একাংশ প্রার্থীক নিযুক্তিৰ যো–জা চলিছে বুলিও সৰৱ চর্চা হৈছিল৷ মূলতঃ উত্তৰ প্রদেশত ব্লেক লিষ্টেড হোৱা এপটেক নামৰ প্রতিষ্ঠানটোক লিখিত পৰীক্ষাৰ দায়িত্ব অর্পণ কৰাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ বহিঃৰাজ্যত ব্লেক লিষ্টেড হোৱা এটা প্রতিষ্ঠানে ৰাজ্যত সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবনে বুলিও সাধাৰণ ৰাইজৰ মনত প্রশ্ণৰ উত্থাপন হৈছিল৷ যাৰ বাবে একাংশ প্রার্থীয়ে এপটেকক পৰীক্ষাৰ দায়িত্ব দিয়াৰ কার্যক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ সেইদৰে আন একাংশ প্রার্থীয়ে এই পৰীক্ষাত অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন কৰি উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল৷ এই আবেদনসমূহৰ শুনানি গ্রহণ কৰিয়েই পূর্বে উচ্চ ন্যায়ালয়ে নিযুক্তি প্রক্রিয়াত সাময়িকভাৱে স্থগিতাদেশ জাৰি কৰিছিল৷ আজি উচ্চ ন্যায়ালয়ে পূর্বে জাৰি কৰা এই অন্তর্ৱর্তীকালীন নির্দেশ প্রত্যাহাৰ কৰি নিযুক্তি প্রক্রিয়াত আগবাঢ়িবলৈ বিভাগটোক অনুমতি প্রদান কৰে৷

You might also like