নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত সোণ জব্দ

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  গুৱাহাটী ষ্টেচনত চৰকাৰী ৰে’ল আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত শুকুৰবাৰে তিনিটুকুৰা সোণৰ লাড়ুসহ এজন লোকক গ্রেপ্তাৰ কৰে৷ চৰকাৰী ৰে’ল আৰক্ষীয়ে চলোৱা তালাচীত ৰাজধানী এক্সপ্রেছত অহা ৰাজকুমাৰ পেটেল নামৰ যাত্রীগৰাকীৰ পৰা তিনিটা সোণৰ লাড়ু জব্দ কৰে৷ জব্দ কৰা লাড়ুকেইটাৰ ওজন ৯৪০ গ্রাম৷ ক’লা প্রলেপ থকা এই লাড়ুকেইটা সোণ হ’ব পাৰে বুলি চৰকাৰী ৰে’ল আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷

You might also like