নামদাঙত শ্রমিকৰ দাৰ ঘাপত নাহৰফুটুকীৰ মৃত্যুঃ এজন আহত
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ শুকুৰবাৰে বিয়লি মার্ঘেৰিটাৰ নামদাং অঞ্চলত শ্রমিকৰ দাৰ ঘাপত প্রাণ হেৰুৱায় এটা নাহৰফুটুকীয়ে৷বাঘ আৰু শ্রমিকৰ মাজত হোৱা এই সংঘর্ষত এজন শ্রমিক গুৰুতৰভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী অনুযায়ী নামদাং অঞ্চলৰ শুকলাল নামৰ এজন শ্রমিকে মৰাণ চাহ বাগিচাত কাম কৰি থাকোঁতে বাগিচাখনত আশ্রয় লৈ থকা এটা নাহৰফুটুকীয়ে আচম্বিতে আক্রমণ কৰে৷ ফলত নিজৰ জীৱন বচাবলৈ শ্রমিকজনে হাতত থকা দাখনেৰে উপর্যুপৰি আঘাত হনাত বাঘটো বাগিচাখনৰ মাজলৈ পলাই যায়৷ ইতিমধ্যে ঘটনাটো অঞ্চলটোৰ সর্বত্র প্রচাৰ হোৱাত শতাধিক লোক ঘটনাস্থলীত আহি উপস্থিত হৈ বন বিভাগক অৱগত কৰে৷ অৱশ্য দীর্ঘসময় অতিবাহিত হোৱাৰ পাছতো বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে বাগিচাখনত বাঘটোৰ সন্ধান চলোৱাত বাগিচাখনৰ মাজত মৃত অৱস্থাত উদ্ধাৰ হয়৷ লক্ষণীয় যে যোৱা কিছুদিনৰ পৰা বাঘটোৱে অঞ্চলটোৰ পশুধন মাৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আছিল৷