মৰিগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ মৰিগাঁও জিলা মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু মৰিগাঁও মহিলা মেহফিলৰ সহযোগত আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয় ।সেই উপলক্ষে মহিলা মেহফিলৰ সভাগৃহত অনুষ্ঠিত হোৱা সভাত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগৰ চিকিৎসক ডাঃজয়ন্ত দত্তই মানসিক ৰোগৰ বিভিন্ন প্ৰকাৰ আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়াই ।লগতে তেওঁ মানসিক ৰোগ যে অন্য ৰোগৰ দৰেই এবিধ ৰোগ সেই সম্পৰ্কে বহলাই ব্যাখ্যা কৰে ।তদুপৰি সভাত মানসিক স্বাস্থ্য বিষয়ৰ এখন ছয় মিনিটৰ তথ্য চিত্ৰও প্ৰদৰ্শন কৰে ।সভাত উপস্থিত থকা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃৰবীন ভূঞায়ো ভাষণ দিয়ে ।মৰিগাঁও মানসিক ৰোগ সেৱা বিষয়া ৰামিশা বৰাই আত ধৰা সভাখনত মৰিগাঁও মহিলা মেহফিলৰ সম্পাদিকা ওৱাহিদা ৰহমান আৰু মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সম্পাদক বলদেব নাথক মানসিক ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয় ।সভাত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইন ,মেদিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকাৰ লগতে জিলা সদৰৰ সাংবাদিক সকল আৰু বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ লোক সকল উপস্থিত থাকে।