নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ফুলগুৰি ৰেল ষ্টেচনৰ সমীপত আজি বিয়লি প্ৰায় চাৰি বজাত নগাঁৱৰ পৰা গুৱাহাটীলৈ বুলি গৈ থকাৰ সময়তে এক দুৰ্ঘটনা পতিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।
জানিব পৰা মতে ফুলগুৰি চেনী মিলৰ সন্মুখত পোৱাৰ সময়তে ডিভাইডাৰ পাৰ হৈ এজনী গাইগৰু ৰাষ্ট্ৰীয় ৩৭ নং ঘাইপথৰ মাজেদি পাৰ হ’বলৈ চেষ্টা কৰোতে প্ৰাক্তন মন্ত্ৰীজনৰ এ এচ ০১বি জেড-০৭৮৬ নম্বৰৰ ইন’ভা চলন্ত গাড়ীখনৰ সন্মুখত পৰে ফলত বাহনখনে গৰুজনীক খুন্দিয়াই যদিও চালক মইনুল হকে অতি কৌশলেৰে বাহনখন ৰাখিবলৈ সক্ষম হয়।
দুৰ্ঘটনাটোত বাহনখনৰ সন্মুখভাগটো যথেষ্ট ক্ষতিসাধন হোৱাৰ লগতে চালকজনো আঘাত প্ৰাপ্ত হয়। চালকজনক ততালিকে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে প্ৰাক্তনমন্ত্ৰী গৰাকীয়ে ভৰিত আঘাত পায় যদিও বিপদমুক্ত বুলি নিশ্চিত হৈ গুৱাহাটীলৈ ৰাওনা হয়। উল্লেখ্যে যে, ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ মাজত বহু ঠাইত একাংশ লোকে পোহনীয়া গৰু-ছাগলী আদিক ঘাঁহ খাবলৈ এৰি দিয়াৰ ফলত এনেদৰে চলন্ত গাড়ীৰ আগত পৰি বহু দুৰ্ঘটনা সংঘটিত কৰিছে বুলি অভিযোগ।