নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ বিস্ফোৰণঃ ‘ভাৰতত বাস কৰিলে হিন্দুৰ শ্রেষ্ঠত্বক স্বীকাৰ কৰিবই লাগিব’

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ আমাৰ সংবিধানে কেৱল হিন্দুৱে থাকিব পাৰে বুলি কোৱা নাই৷ অৱশ্যে হিন্দুৰ কথা শুনিব লাগিব৷ যদি আপুনি দেশত থাকিব বিচাৰে, তেনেহ’লে আপুনি হিন্দুত্বৰ শ্রেষ্ঠত্বক স্বীকাৰ কৰিব লাগিব৷ আমি তেওঁলোকৰ বাবে স্থান সৃষ্টি কৰিছিলোঁ৷ এয়াই আমাৰ দেশৰ বৈশিষ্ট্য আৰু এই নিহিত বৈশিষ্ট্যই হিন্দু৷ – এই মন্তব্য আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ৷

মুছলিমৰ বাবে সৃষ্টি পৃথক দেশ পাকিস্তানত ভাৰতৰ দৰে আন ধর্মৰ অনুকৰণৰ অধিকাৰ নাই বুলি উল্লেখ কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতত থকা মুছলিমসকল বিশ্বৰ সবাতোকৈ সুখী মুছলিম৷ সকলো ধর্মীয় বিশ্বাসৰ লোকে একেলগে থাকে আৰু ইয়েই দেশখনৰ সাৰমর্ম৷ বিদেশী ধর্মীয় লোকৰ শাসন উৎখাত হোৱাৰ পাছতো দেশখনত সেই ধর্মৰ লোকৰ অস্তিত্ব এতিয়াও বর্তি থকা দেশৰ উদাহৰণ ভাৰত বুলি ক’লেও আশ্চর্য নহ’ব বুলি কয় আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে৷

ইপিনে, নিজ স্বার্থত আঘাত কৰিলেই একাংশ লোকে ধর্মান্ধতা আৰু বিচ্ছিন্নতাবাদৰ প্রসংগ প্রসাৰিত কৰে বুলিও মন্তব্য কৰে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে৷ মহাৰাষ্ট্রৰ ‘বিবেক’ নামৰ হিন্দী আলোচনী এখনত সাক্ষাৎকাৰত আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে এই মন্তব্য কৰাৰ লগতে অযোধ্যাত নির্মীয়মাণ ৰাম মন্দিৰক লৈ কয়– এই ৰাম মন্দিৰৰ অর্থ কেৱল ধর্মীয় নহয়৷ মন্দিৰ ৰাষ্ট্রীয় প্রমূল্য আৰু বৈশিষ্ট্যৰ প্রতীক৷ প্রকৃতার্থত এয়ে যে মন্দিৰসমূহ ধ্বংস হোৱাত দেশৰ জনতাৰ মনোবল আৰু প্রমূল্যত আঘাত হৈছিল৷ সেই কাৰণেই হিন্দু সমাজে দীর্ঘদিন ধৰি মন্দিৰ পুনৰ নির্মাণৰ কামনা কৰি আহিছে৷ আমাৰ জীৱন বিভ্রান্ত হৈছিল৷ আমাৰ আদর্শ শ্রীৰামৰ মন্দিৰ ধ্বংসৰ দ্বাৰা আমাক অপমানিত কৰা হৈছিল৷ আমি ইয়াক পুনৰ নির্মাণ কৰাটো বিচাৰিছিলোঁ, গতিকে বিশাল মন্দিৰ নির্মাণ হৈ আছে৷

You might also like