এজন আদর্শ মানুহ
আমেৰিকান কবি আর্চিবল্ড মেকলিশে বহুত বছৰৰ আগতেই ভৱিষ্যদ্বাণী কৰিছিল যে এনে এটা দিন আহিব– যিদিনা একমাত্র কেমেৰাই হ’ব সমসাময়িক জীৱনৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু গুৰুত্বপূর্ণ প্রতিবেদক৷ মেকলিশৰ সেই ভৱিষ্যদ্বাণী সত্য বুলি প্রমাণিত হৈছে৷ একোটা ঘটনাৰ প্রতিবেদন দিবলৈ বা বর্ণনা কৰিবলৈ সাংবাদিকসকলে হাজাৰ হাজাৰ শব্দ লিখিব লগা হয় কিন্তু অনেক সময়ত এখন মাত্র ফটোৱে তাতোকৈ বহুত বেছি কথা ক’ব পাৰে৷
উদাহৰণস্বৰূপে এই টোকাটোৰ লগত দিয়া ফটোখনলৈ মন কৰক৷ ফটোখনৰ মানুহজনৰ নাম কুতুবুদ্দিন আনছাৰি৷ ২০০২ চনত গুজৰাটত সংঘটিত সাম্প্রদায়িক সংঘর্ষত বহুত মানুহৰ মৃত্যু হৈছিল, বহুত মানুহ চিৰকাললৈ ঘুণীয়া হৈছিল৷ যিবোৰ মানুহ শাৰীৰিকভাৱে ঘুণীয়া হোৱা নাছিল, তেওঁলোকৰ হূদয় হৈছিল ঘুণীয়া কোনোদিনেই নিৰাময় নোহোৱাকৈ৷ ওপৰৰ ছবিখনত দেখা কুতুবুদ্দিন আনছাৰি নামৰ মানুহজনক কিছুমান মানুহে প্রকাশ্য ৰাজপথত হত্যা কৰিবলৈ উদ্যত হোৱাৰ মুহূর্তত তেওঁ হাতযোৰ কৰি প্রাণভিক্ষা কৰাৰ মুহূর্ততে কোনোবা ফটো সাংবাদিকে এই ফটোখন লৈছিল৷ এই ফটোখনৰ ঐতিহাসিক তাৎপর্য বুজাবলৈ আন এখন ঐতিহাসিক ফটোৰ কথা উল্লেখ কৰিব পাৰি৷
কুৰি শতিকাৰ এটা যুগান্তকাৰী ঐতিহাসিক ঘটনা আছিল ভিয়েটনাম যুদ্ধ৷ সত্যজিৎ ৰায়ৰ এখন চিনেমাৰ এটা দৃশ্য মনত পৰে৷ চাকৰি–প্রার্থী এজন যুৱকক নির্বাচক মণ্ডলীৰ এজন সদস্যই প্রশ্ণ কৰিছিল– ‘আপোনাৰ মতে কুৰি শতিকাৰ আটাইতকৈ গুৰুত্বপূর্ণ ঘটনা কি?’ চিন্তা কৰিবলৈ এক ছেকেণ্ডো সময় নলৈ যুৱকজনে উত্তৰ দিছিল– ‘ভিয়েটনাম যুদ্ধ৷’ সঁচাকৈয়ে ভিয়েটনাম যুদ্ধত আমেৰিকাৰ পৰাজয়ে ইতিহাসৰ গতিধাৰা বহু পৰিমাণে সলনি কৰি দিলে৷ ভিয়েটনাম যুদ্ধই আমেৰিকাৰ আত্মাকো এনেকৈ আলোড়িত কৰিছিল যে সেই বিষয়ে চিনেমাৰ পিছত চিনেমা সৃষ্টি কৰি বা কিতাপৰ পিছত কিতাপ লিখি আমেৰিকানসকলে আজিও শেষ কৰিব পৰা নাই৷ আমেৰিকাৰ চৰকাৰে বা সেনা বাহিনীয়ে কেৱল কমিউনিষ্ট ভিয়েটনামৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হোৱা নাছিল একে সময়তে তেওঁলোকে যুদ্ধ কৰিব লগা হৈছিল আমেৰিকান জনমতৰ বিৰুদ্ধে৷ আমেৰিকাৰ জনসাধাৰণক ভিয়েটনাম যুদ্ধৰ বিৰুদ্ধে উচটনি দিয়াৰ কামত এটা প্রধান ভূমিকা লৈছিল ফটো সাংবাদিকসকলে৷ কলমে কৰিব নোৱাৰা কাম কৰিছিল কেমেৰাই৷ ১৯৬৮ চনৰ ১৬ মার্চত আমেৰিকান সেনাই ভিয়েটনামৰ মাই লাই My Lai) নামৰ এখন গাঁও দখল কৰি গাঁওখনত জুই জ্বলাই দিছিল৷ গাঁওখনৰ এটা মাত্র ঘৰো বাদ পৰা নাছিল৷ বহুত মানুহ জুইত জীয়াই জীয়াই পুৰি মৰিল৷ নমৰাবোৰে জুইৰ গ্রাসৰ পৰা পলাই প্রাণ বচাবলৈ চেষ্টা কৰিলে৷ তেনে অৱস্থাতে ৰণ হিবাৰ্লে নামৰ এজন আর্মী ফটোগ্রাফাৰে জ্বলন্ত গাঁওখন আৰু তাৰ পৰা পলাই সাৰিব খোজা মানুহৰ কিছুমান ফটো লৈছিল৷ সেইবোৰৰ ভিতৰত এখন ফটো আছিল এজনী পাঁচ বছৰীয়া ভিয়েটনামী ছোৱালীৰ৷ সম্পূর্ণ নাঙঠ ছোৱালীজনী গাঁৱৰ নির্জন আলিবাটটোৱেদি কান্দি কান্দি দৌৰি আহিছে তাইৰ মুখত পুঞ্জীভূত হৈছে পৃথিৱীৰ সমস্ত আতংক৷ বিখ্যাত সাংবাদিক ছে’মুৰ হার্শ্বে কেনেবাকৈ সেই ফটোখন সংগ্রহ কৰি ১৯৬৯ চনৰ ১৩ নৱেম্বৰৰ ‘নিউয়র্ক টাইম্ছ’ত প্রকাশ কৰিলে৷ লাখ লাখ ছপা শব্দই মূর্ত কৰি তুলিব নোৱাৰা আমেৰিকান সেনা বাহিনীৰ বর্বৰতাৰ স্বৰূপটো সেই একেখন মাত্র ফটোৱে আমেৰিকাৰ মানুহৰ চকুৰ আগত উদঙাই দেখুৱালে৷ পুলিৎজাৰ পুৰস্কাৰ পোৱা সেই ফটোখন এতিয়া ভিয়েটনাম যুদ্ধৰ যুগমীয়া স্মাৰকত পৰিণত হৈছে৷
ঠিক সেই একে কথাকে ক’ব পাৰি কুতুবুদ্দিন আনছাৰিৰ ওপৰত দিয়া ফটোখনৰ বিষয়ে৷ এই ফটোখন আজি পৰিণত হৈছে গুজৰাটৰ সাম্প্রদায়িক সংঘর্ষৰ যুগমীয়া স্মাৰকত৷
কিন্তু আমি আজি কুতুবুদ্দিন আনছাৰিক স্মৰণ কৰিছোঁ এটা সম্পূর্ণ বেলেগ কাৰণত৷
গুজৰাটৰ সাম্প্রদায়িক সংঘর্ষ চলি থকাৰ সময়তে প্রাণৰক্ষাৰ প্রয়োজনত কুতুবুদ্দিন আনছাৰি পলাই গ’ল কলকাতালৈ৷ তাত ১৮ মাহ অতিবাহিত কৰাৰ পিছত তেওঁ পুনৰ ঘূৰি আহিল নিজৰ ৰাজ্য গুজৰাটলৈ৷ ঘৰলৈ ঘূৰি আহি তেওঁ জীৱিকাৰ প্রয়োজনত এখন দর্জীৰ দোকান আৰম্ভ কৰিলে৷ দোকানখনে অতি কম সময়ৰ ভিতৰতে ইমান বেছি সফলতা অর্জন কৰিলে যে তেওঁ ১৮জনকৈ কর্মচাৰী তথা দর্জী ৰাখিবলৈ সমর্থ হ’ল৷ সেই ১৮জন দর্জীৰ ভিতৰত কেইবাজনো দর্জী হ’ল হিন্দু৷ এটা সাক্ষাৎকাৰত কুতুবুদ্দিন আনছাৰিয়ে কৈছিল– ‘অতীতটো এতিয়া অতীত৷ বহুত মানুহ আহে মোক অতীতৰ কথা সুধিবলৈ৷ কিন্তু মই সেই দিনবোৰৰ যন্ত্রণা আৰু মনোকষ্ট মনত পেলাব নোখোজোঁ মই আৰম্ভ কৰিব খোজোঁ এটা নতুন জীৱন৷ কোনো মানুহৰ প্রতি মোৰ মনত লেশমাত্র তিক্ততা নাই৷ মোৰ হিন্দু আৰু মুছলমান কর্মচাৰীসকলৰ লগত সমান ব্যৱহাৰ কৰোঁ কাৰো প্রতি মোৰ কোনো পক্ষপাতিত্ব নাই৷ তেওঁলোক যে কোনোবাজন হিন্দু আৰু কোনোবাজন মুছলমান, তেনে এটা ভাব তেওঁলোকৰ মনলৈ আহিবলৈ মই কেতিয়াও নিদিওঁ৷’