নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত চোৰাং কয়লাভর্তি ট্রাক জব্দঃ ধৃত দুই

নিয়মীয়া বার্তা, ১১ অক্টোবৰঃ মেঘালয়ৰ পৰা গুৱাহাটীৰ মাজেৰে অব্যাহত আছে চোৰাং কয়লাৰ সৰবৰাহ৷ যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া ৰাণা ভূঞাৰ নেতৃত্বত চলোৱা তালাচীত দুখন চোৰাং কয়লাভর্তি ট্রাক জব্দ কৰিবলৈ সক্ষম হয়৷ মেঘালয়ৰ পৰা নথি–পত্রবিহীনভাৱে কয়লা কঢ়িয়াই অনা এএছ–০১ এফ চি–০০১৮ আৰু এনএল–০১ এচি–২৬০০ নম্বৰৰ ট্রাক দুখন আৰক্ষীয়ে জব্দ কৰে৷ যোৰাবাট আৰক্ষীয়ে ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি ট্রাক দুখনৰ চালক ক্রমে দিলোৱাৰ হুছেইন আৰু জয়নাল হুছেইনক আজি আদালতত হাজিৰ কৰি জে’ললৈ প্রেৰণ কৰে৷ উল্লেখ্য যে ট্রাক দুখন ক্রমে হাইদৰ হুছেইন বৰভূঞা আৰু আফতাৰ উদ্দিন বৰভূঞাৰ নামত পঞ্জীয়নভুক্ত হৈ আছে৷

You might also like