নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৬৩ গাঁৱৰ হিতাধিকাৰীলৈ ‘স্বামিত্ব পত্র’

অভিলাষী আঁচনি উন্মোচন প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  লোকনায়ক জয়প্রকাশ নাৰায়ণ আৰু নানাজী দেশমুখৰ জন্ম দিৱসত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আৰম্ভ কৰিছে ‘ছার্ভে অৱ ভিলেজেছ এণ্ড মেপিং উইথ ইম্প্র’ভাইজড টেকনল’জী ইন ভিলেজ এৰিয়াছ (স্বামিত্ব) যোজনা’৷ এই যোজনা ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বর্তমান জনসাধাৰণৰ ওচৰত আহি পৰিছে এক অধিকাৰ৷ এক আইনী দস্তাবেজৰ জৰিয়তে নিজৰ ঘৰ নিজৰ কৰি ৰখাৰ অধিকাৰ লাভ কৰিছে দেশৰ দুর্গত লোকসকলে৷ বিশেষকৈ এই স্বামিত্ব যোজনাই দেশৰ গাঁওবোৰৰ ঐতিহাসিক পৰিৱর্তন আনিব বুলি প্রধানমন্ত্রীগৰাকীয়্ উল্লেখ কৰে৷ আজি যি এক লাখ লোকে নিজৰ ঘৰৰ স্বামিত্ব সত্র অথবা প্র’পার্টী কার্ড লাভ কৰিছে, সেই লোকসকলক শুভেচ্ছাও জ্ঞাপন কৰে প্রধানমন্ত্রী মোদীয়ে৷ এই ঐতিহাসিক যোজনা মুকলি কৰি প্রধানমন্ত্রীগৰাকীয়্ এইদৰেও কয়– ‘নানাজী দেশমুখ আৰু লোকনায়ক জয়প্রকাশ নাৰায়ণৰ আজি জন্মদিন এটা তাৰিখ মাথোঁ নহয়, দুয়োগৰাকী নেতাই গঢ়ি গৈছে এক আদর্শ৷ গাঁও আৰু দুখীয়া জনসাধাৰণক সমস্যাৰ পৰা পৰিত্রাণ দিয়াবলৈ দুয়োগৰাকী নেতাই গ্রহণ কৰিছিল সংকল্প৷’ স্বামিত্ব যোজনায়ো গাঁৱৰ দুখীয়া জনসাধাৰণৰ প্রগতিত নতুন যুগৰ সূচনা কৰিব বুলি উল্লেখ কৰে মোদীয়ে৷ উল্লেখনীয় যে এই যোজনাৰ অধীনত ৬খন ৰাজ্যৰ ৭৬৩খন গাঁৱক সামৰি লোৱা হৈছে৷ ইয়াৰ ভিতৰত আছে ৩৭৪খন উত্তৰপ্রদেশৰ, ২২১খন হাৰিয়ানাৰ, ১০০খন মহাৰাষ্ট্রৰ, ৪৪খন মধ্যপ্রদেশৰ, ৫০খন উত্তৰাখণ্ডৰ আৰু দুখন কর্ণাটকৰ গাঁও৷ প্রসংগক্রমে মোদীয়ে এই যোজনা মুকলিৰ সময়ত নিজৰ চৰকাৰৰ দিনত ইতিমধ্যে বিভিন্ন আঁচনিত গ্রামাঞ্চলৰ দুই কোটি পৰিয়ালে পকী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে৷ আজিৰ এই দিনটোতে ৬খন ৰাজ্যৰ ৭৬৩খন গাঁৱৰ হিতাধিকাৰীসকলে ম’বাইল ফোনত ডাউনলোড কৰি লাভ কৰিবলৈ সক্ষম হৈছে স্বামিত্ব পত্র বা প্র’পার্টী কার্ড৷

You might also like