আমচৈ চাহ বাগিচাত বোনাছ প্ৰদান
নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ নগাঁও জিলাৰ দক্ষিণ পশ্চিমত অৱস্থিত আমচৈ চাহ বাগিচা কৰ্তৃপক্ষই আজি বাগিচাখনৰ শ্রমিক-কর্মচাৰীসকলক বোনাছৰ ধন প্ৰদান কৰে। সোমবাৰ বাগিচাখনৰ সাপ্তাহিক ছুটীৰ দিন যদিও চাহ বাগিচা কৰ্তৃপক্ষই ৰহা আৰু আমচৈ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত এই বোনাছৰ ধন শ্রমিক আৰু কর্মচাৰীসকলক শান্তিপূৰ্ণ পৰিৱেশত প্রদান কার্য কৰে।
আমচৈ চাহ বাগিচাৰ শাখা বালিকুছি চাহ বাগিচাতো এই একে দিনতেই শ্রমিক-কর্মচাৰীসকলক বোনাছৰ ধন প্ৰদান কৰা হয়। অসম চাহ মজদুৰ সংঘৰ আমচৈ চাহ বাগিচা গোটৰ সভাপতি তনুত তাঁতী আৰু সম্পাদক জয়ৰাম তাঁতীৰ পৰা জানিব পৰা মতে, যোৱা ৮ অক্টোবৰত মালিক কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাত বাগিচাৰ মালিক কৰ্তৃপক্ষই শ্রমিক কর্মচাৰীসকলক ১৮% বোনাছ দিবলৈ সন্মত আছিল।
কিন্তু বাগিচখনৰ শ্রমিকসকলে ২০% বোনাছৰ দাবীত অটল থকাত মালিক কৰ্তৃপক্ষই শ্রমিক কর্মচাৰীসকলক ২০% বোনাছ দিবলৈ সন্মত হয় যদিও দুটা কিস্তিত বোনাছৰ ধন দিব খোজা প্ৰস্তাৱ শ্রমিক-কর্মচাৰীসকলে মানি লয়। সেই অনুযায়ী এই দুর্গা পূজাৰ সময়ত ১৫% বোনাছ প্ৰদান কৰা হয় আৰু বাকী ৫%বোনাছৰ ধন ফাঁকুৱা উৎসৱৰ সময়ত প্ৰদান কৰা হ’ব।