নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰে কৰা ভুলৰ বাবেই বিটিচিবাসী বিপিএফৰ পৰা আঁতৰিছেঃ প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ চিৰাং জিলাৰ বিজনীৰ থুৰিবাৰী সমষ্টিৰ ছাতিয়ানগুৰিত ইউ পি পি এলৰ যোগদান সমাৰোহ আয়োজন কৰা হয়। ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে ১৯নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ নিজ দলৰ প্ৰাৰ্থী আবুছায়েদ আনছাৰীৰ হৈ প্ৰচাৰ চলায়। প্ৰমোদ বড়োৰ উপস্থিতিত ৰাতিপুৱা দহ বজাত বিজনীৰ ছাতিয়ানগুৰিস্থিত থুৰিবাৰী ব্লক ইউপিপিএল কাৰ্যালয়ত ১৬৪ জন বিভিন্ন দলৰ পৰা অহা লোকে ইউপিপিএলত যোগদান কৰে।

নতুনকৈ যোগদান কৰা লোকসকলক আদৰণি জনায় দলৰ সভাপতি প্ৰমোদ বড়োৱে। তেওঁ কয় যে বিগত ১৭ বছৰে বিটিচিত যিদৰে বৃহৎ কেলেংকাৰি, দুৰ্নীতি আদি কৰিলে তাৰ বাবে কোনেও একো কৰিব নালাগে, বিটিআৰৰ ৰাইজেই হাগ্ৰামাৰ সংগ এৰিছে। বিগত সময়ত কৰা ভুলৰ বাবেই হাগ্ৰামা মহিলাৰী নিজেই একাশৰীয়া হ’বলৈ গৈ আছে। অহা নিৰ্বাচনত নিশ্চিহ্ন হ’ব বিপিএফ দল।

আনফালে সভাপতি বড়োৱে আজি ১৯ থুৰিবাৰী সমষ্টিৰ ১ নং বেটবাৰীত অনুষ্ঠিত ইউ পি পি এলৰ সভাত অংশগ্ৰহণ কৰে। উক্ত সভাতো এক শতাধিক লোকে যোগদান কৰে ইউ পি পি এলত। ইয়াৰ পৰৱৰ্তী দুপৰীয়া এক বজাত ১৮নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ ২নং বিষ্ণুপুৰ বজাৰত ইউ পি পি এলৰ প্ৰাৰ্থী সুৰেশ দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

ইয়াৰ অন্তত বিয়লি সময়ত ১৭ নং সুভাইজাৰ সমষ্টিৰ প্ৰাৰ্থী গুণেশ্বৰ গয়াৰীৰ সমৰ্থনত বিজনী চহৰৰ ডঃ আম্বেদকাৰ ভৱনৰ সন্মুখত তিনি শতাধিক নেতা কৰ্মী-সমৰ্থকৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় ইউ পি পি এলৰ সভাপতিগৰাকীয়ে। ইউ পি এলৰ দ্বাৰা আজি প্ৰচাৰিত নিৰ্বাচনী সভাৰ ১নং বেটবাৰী, ছাতিয়ানগুৰি আৰু ২নং  বিষ্ণুপুৰ বজাৰত অনুষ্ঠিত তিনিওখন সভা মিলি বিভিন্ন দল তথা উৎসৰ পৰা ৩৫০গৰাকীতকৈও অধিক লোকে যোগদান কৰে বুলি জানিবলৈ দিয়ে।

উক্ত প্ৰচাৰ কাৰ্যসূচীত ইউ পি পিএলৰ উপ-সভাপতি ময়নাল হক, এবছুৰ প্ৰাক্তন সভাপতি ৰোমিঅ’ পি নাৰ্জাৰীয়ে সংগ দিয়ে সভাপতিগৰাকীক। ইফালে বিয়লি আম্বেদকাৰ ভৱনত অনুষ্ঠিত নিৰ্বাচনী সভাত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ বিত্ত সম্পাদক কমলেশ্বৰ ৰায়, বিজনী জিলা অবড়ো সুৰক্ষা সমিতিৰ প্ৰাক্তন সভাপতি ভগৱান দাসকে আদি কৰি কংগ্ৰেছ, এজিপিৰ পৰাও কেইগৰাকীমান লোকে ইউপিপিএলত যোগদান কৰে।

You might also like