ন্যায় বিচাৰি ৰাজপথত মহিলাৰ প্রতিবাদ, স্বামী পৰিয়ালৰ নির্যাতনৰ বলি বিধৱা
নিয়মীয়া বার্তা, ১৪ অক্টোবৰঃ মহানগৰীৰ বেলতলাত বসবাস কৰা বুলি বৰা বৰুৱা নামৰ এগৰাকী বিধৱা মহিলাক স্বামীৰ পৰিয়ালে নির্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে, যোৱা ১৫ এপ্রিলত তেওঁৰ স্বামী স্বপন কুমাৰ বৰুৱাৰ মৃত্যু হয়৷ তেওঁৰ মৃত্যুৰ পিছত মহিলাগৰাকীক স্বামীৰ পৰিয়ালে বিভিন্ন ধৰণৰ নির্যাতন চলোৱাত তেওঁৰ একমাত্র আঠ বছৰীয়া কন্যা শিশুটি লৈ বেলতলাৰ সৌৰভ নগৰৰ আত্মীয়ৰ ঘৰত আশ্রয় লয়৷
মহিলাগৰাকীক স্বামীৰ পৰিয়ালে ঘৰত প্রৱেশ কৰিবলৈ নিদিয়াৰ বাবে মহিলাগৰাকী সম্প্রতি শিশুটিক লৈ অতি কষ্টেৰে জীৱিকা চলাবলগীয়া হৈছে৷ উল্লেখ্য যে মহিলাগৰাকীৰ স্বামীয়ে জীৱিত কালত ধুবুৰীৰ এখন প্রাথমিক বিদ্যালয়ত ঠিকাভিত্তিক পদত শিক্ষকতা কৰিছিল৷ কিন্তু তেওঁৰ মৃত্যুৰ পিছত মহিলাগৰাকীয়ে অনাদায় দৰমহা আৰু পাবলগীয়া অন্যান্য সুবিধাৰ বাবে বিদ্যালয় কর্তৃপক্ষৰ কাষ চাপে যদিও মহিলাগৰাকীক দুর্ব্যৱহাৰ কৰাৰ অভিযোগ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে৷
ফলত মহিলাগৰাকীয়ে ডিঙিত ফলক আঁৰি গুৱাহাটীৰ ৰাজপথত প্রতিবাদ কৰাৰ লগতে অসম চৰকাৰৰ পৰা ন্যায় বিচাৰিছে৷ আনহাতে, এটা সমাজ কল্যাণমূলক অনুষ্ঠানো মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল যদিও শেহতীয়াকৈ অনুষ্ঠানটোৰ এগৰাকী বিষয়াই তেওঁক প্রতাৰণা কৰা বুলি তেওঁ জানিবলৈ দিছে৷