নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত সম্পন্ন ৪০ লাখ ক’ভিড পৰীক্ষা

স্বাস্থ্য বিভাগৰ আন এক সাফল্য

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আন এক সাফল্য৷ ক’ভিড যুঁজৰ ক্ষেত্রত অসমৰ স্বাস্থ্য বিভাগে ইতিমধ্যে ৪০ লাখৰো অধিক লোকৰ নমুনা পৰীক্ষা কৰি ৰেকর্ড স্থাপন কৰিবলৈ সক্ষম হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে টুইটাৰযোগে এই কথা প্রকাশ কৰিছে৷ মন্ত্রী ড০ শর্মাই সদৰী কৰা অনুসৰি যোৱা ৭ ফেব্রুৱাৰীত ৰাজ্যখনত ক’ভিড পৰীক্ষাৰ বাবে প্রথমটো লেবৰেটৰী স্থাপন কৰা হয়৷ প্রথমটো লেবৰেটৰী স্থাপনৰ ১১৪ দিনৰ ভিতৰত ৩০ মে’ত এক লাখ লোকৰ নমুনা পৰীক্ষা কৰে৷ তাৰ ৪০ দিন পাছত ৯ জুলাইত পৰীক্ষণৰ সংখ্যা ৫ লাখ হয়৷ ইয়াৰ ২৫ দিন পাছত ৩ আগষ্টত পৰীক্ষণৰ সংখ্যা ১০ লাখ স্পর্শ কৰে৷ ১২ আগষ্টত ৯ দিনৰ ভিতৰত সেই সংখ্যা ১৫ লাখ হয়৷ তাৰ ১২ দিন পাছত ২৪ আগষ্টত পৰীক্ষণৰ সংখ্যা ২০ লাখ স্পর্শ কৰে৷ ইয়াৰ ১৪ দিন পাছত ৭ ছেপ্টেম্বৰত পৰীক্ষণৰ সংখ্যা ২৫ লাখ হয়৷ সেইদৰে ১৬ দিনৰ ব্যৱধানত ২৩ ছেপ্টেম্বৰত ৰাজ্যখনত ক’ভিড পৰীক্ষণৰ সংখ্যা ৩০ লাখ হয়৷ ৩০ ছেপ্টেম্বৰত ৭ দিনৰ ব্যৱধানত ক’ভিড পৰীক্ষণৰ সংখ্যা ৩৫ লাখ হয়গৈ৷ তাৰ ১৩ দিন পাছত কালি পৰীক্ষণৰ সংখ্যা ৪০ লাখ অতিক্রম কৰে৷ কালিলৈকে ৰাজ্যখনত মুঠ ৪০,৭৬,১২৬গৰাকী লোকৰ নমুনা পৰীক্ষা সম্পন্ন হৈছে৷ স্বাস্থ্য বিভাগৰ এই সফলতাৰ বাবে মন্ত্রী ড০ শর্মাই স্বাস্থ্য বিভাগৰ সকলো বিষয়া–কর্মচাৰীকে ধন্যবাদ জ্ঞাপন কৰি কয় যে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে যুঁজ অব্যাহত ৰাখিব৷ ইপিনে বিগত দুটা দিনৰ দৰে আজিও ৰাজ্যখনত এক লাখৰ অধিক লোকৰ নমুনা পৰীক্ষা সম্পন্ন হয়৷ আজিৰ দিনটোত ৰাজ্যখনত ১,৩৯,৮৬৮গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ইয়াৰ ভিতৰত ১,৪২৭গৰাকী পজিটিভ হিচাপে চিনাক্ত হৈছে৷ দিনটোত আক্রান্তৰ হাৰ ১.০২ শতাংশ৷ এই তিনিটা দিনত ৰাজ্যখনত আক্রান্তৰ হাৰ এক শতাংশৰ ভিতৰত আছে৷ ৰাজ্যখনত এতিয়ালৈ মুঠ ১,৯৮,২১৩গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ মন্ত্রী ড০ শর্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি ৰাজ্যখনত ক’ভিডত মৃত্যু হোৱা লোকৰ হাৰ ০.০৪ শতাংশ৷ ইয়াৰ বিপৰীতে ৮৪.২৮ শতাংশ লোক সুস্থ হৈছে আৰু ১৫.২৯ শতাংশ লোক চিকিৎসাধীন অৱস্থাত আছে৷ আনহাতে, বুধবাৰে দিনটোত ক’ভিডত আক্রান্ত হৈ চাৰিগৰাকী লোকৰ মৃত্যু হৈছে৷ তেওঁলোক হৈছে– ডিব্রুগড়ৰ বিক্রম নেৱাৰ (৪৪), ধেমাজিৰ হৰকান্ত দলে (৫৬), যোৰহাটৰ তপন চক্রৱর্তী (৭৪) আৰু বিশ্বনাথৰ ভবেন চন্দ্র দাস (৯৭)৷ মন্ত্রী ড০ শর্মাই প্রয়াত আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ আজিৰ দিনটোলৈ ক’ভিডত আক্রান্ত হৈ ৰাজ্যখনত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা হৈছে মুঠ ৮৩৪গৰাকী৷

You might also like