নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৬সংখ্যক জন্মদিৱস উপলক্ষে কালি কামৰূপ মহানগৰ জিলা প্রশাসনৰ উদ্যোগত গুৱাহাটী ক্লাবৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা চ’কত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷

অনুষ্ঠানত অংশগ্রহণ কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সাহিত্যৰথী বেজবৰুৱাৰ প্রতিমূর্তিৰ সন্মুখত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অর্পণ কৰি মহান সাহিত্যিকগৰাকীৰ প্রতি গভীৰ শ্রদ্ধা নিবেদন কৰে৷

জিলা উপায়ুক্ত পেগুৱে অসমৰ জাতীয় জীৱনলৈ সাহিত্যৰথী বেজবৰুৱাই আগবঢ়াই যোৱা অতুলনীয় অৱদানৰ বিষয়ে গভীৰ শ্রদ্ধাসহকাৰে স্মৰণ কৰি কয় যে লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনটো অসমীয়া জাতিৰ কাৰণে সততে অনুপ্রেৰণাৰ উৎস হৈ থাকিব৷ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰতন সাউদ, নির্বাচনী বিষয়া ঝর্ণা পাটগিৰিকে ধৰি জিলা প্রশাসনৰ কেইবাগৰাকীও বিষয়া–কর্মচাৰী এই অনুষ্ঠানত উপস্থিত আছিল৷

ইফালে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই আজি গুৱাহাটী ক্লাবৰ বেজবৰুৱা চ’কত উপস্থিত হৈ লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিমূর্তিত বন্তি প্রজ্বলন আৰু মাল্যার্পণেৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

You might also like