আমেৰিকাৰ নির্বাচনী আন্তঃগাঁথনিলৈ জুকাৰবার্গে আগবঢ়াব ১০০ নিযুত ডলাৰ
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ ছ’চিয়েল মিডিয়া প্লেটফর্ম ফেচবুক ইনকৰ মুখ্য কার্যবাহী বিষয়া (চিই’) মার্ক জুকাৰবার্গ তথা তেওঁৰ পত্নী প্রিছকিলা চানে আগন্তুক ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ বিষয়ববীয়াসকলৰ সাহায্য আৰু পুঁজি আন্তঃগাঁথনিৰ বাবে অতিৰিক্তভাৱে এশ নিযুত ডলাৰ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷ আজি জুকাৰবার্গে এক ফেচবুক পোষ্টযোগে ঘোষণা কৰিছে এই কথা৷ জনসাধাৰণে যাতে নিৰাপদে ভোটদান কৰিব পাৰে সেই ক্ষেত্রত চেণ্টাৰ ফৰ টেক এণ্ড চিভিল লাইফ (চিটিচিএল) নামৰ নির্বাচনী সংস্থাটোৱে সকলো ব্যৱস্থা গ্রহণ কৰাৰ ক্ষেত্রত বিনিয়োগ হ’ব এই ধন৷