বিজয় অপৰিহার্য মেচত আজি পঞ্জাবৰ সন্মুখত বাংগালুৰু
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ কিংছ একাদশ পঞ্জাবে চলিত আই পি এলত কাইলৈ মৰণপণ যুঁজত নামিব৷ মেচখনত পঞ্জাবৰ প্রতিদ্বন্দ্বী হ’ব বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু৷ প্রতিযোগিতাখনত বর্তি থকাৰ বাবে আজিৰ মেচখনত লোকেশ ৰাহুল নেতৃত্বাধীন পঞ্জাবে বিজয় সাব্যস্ত কৰিবই লাগিব৷ অন্যথা দলটোৱে প্রতিযোগিতাখনৰ পৰা বিদায় লোৱাটো একপ্রকাৰ নিশ্চিত৷ কিয়নো, পঞ্জাবে এতিয়ালৈকে সাতখন মেচ খেলি মাত্র এখনতহে জয়ৰ মুখ দেখিছে৷ আজিৰ মেচখনত ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন ক্রিছ গেইলে অংশগ্রহণ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ গেইলৰ উপস্থিতিয়ে পঞ্জাবৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰি তুলিব৷ কাইলৈৰ মেচখন সন্দর্ভত পঞ্জাব দলটোৰ অধিনায়ক ৰাহুলে কয় যে বিগত মেচকেইখনত সতীর্থসকলে নিজৰ সামর্থ্য অনুসৰি খেলিবলৈ সক্ষম হোৱা নাই৷ দুই–এজনে ভাল খেলিলেও বাকীসকল সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ কাইলৈৰ মেচখনত সতীর্থসকলে নিজৰ ছন্দ অনুসাৰে খেলি দলটোক জয়ৰ সোৱাদ দিব বুলি আশা ৰাখিছোঁ৷ ক্রিছ গেইলৰ উপস্থিতিয়ে সতীর্থসকলৰ মনোবল যথেষ্টখিনি বৃদ্ধি কৰিব বুলিও ৰাহুলে মন্তব্য কৰে৷ উল্লেখ্য যে খাদ্যত বিষক্রিয়া হোৱাৰ ফলত গেইল চিকিৎসাধীন হৈ আছিল আৰু বর্তমান তেওঁ সম্পূর্ণৰূপে সুস্থ হৈ উঠিছে৷ ইফালে, কাইলৈৰ মেচখনক লৈ আশাবাদী আৰ চি বিৰ অধিনায়ক বিৰাট কোহলিও৷ বিগত মেচখনত কলকাতাক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত থকা আৰ চি বিয়ে কাইলৈও পঞ্জাবক পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে অধিনায়ক কোহলিয়ে৷ উল্লেখ্য যে কোহলি বাহিনীয়ে এতিয়ালৈকে সাতখন মেচ খেলি পাঁচখনত জয় আৰু দুখনত পৰাস্ত হৈছে৷