সমালোচনাৰ সন্মুখীন হ’ল ধোনী
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ সংযুক্ত আৰব আমীৰ শ্বাহীত চলি থকা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণৰ মঙলবাৰে নিশা ডুবাইত হৈ যোৱা মেচখনত এক বিতর্কৰ মাজত সোমাই পৰে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনী৷ ছানৰাইজার্ছ হায়দৰাবাদৰে খেলা মেচখনত এক ৱাইড বলক লৈ সমালোচিত হয় ধোনী৷ ৰোমাঞ্চকৰ খেলখনৰ ছানৰাইজার্ছৰ ইনিংছৰ ১৯সংখ্যক অ’ভাৰটোত শার্দূল ঠাকুৰৰ এটা বল অফ ষ্টাম্পৰ বহু বাহিৰত পৰিছিল৷ আম্পায়াৰ পল ৰাফেলে এই বলটো ৱাইড দিবলৈ ধৰাৰ সময়তে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক তথা উইকেটকীপাৰ মহেন্দ্র সিং ধোনীৰ প্রতিক্রিয়া দেখি আম্পায়াৰগৰাকীয়ে উক্ত বলটো ৱাইড ঘোষণা কৰাৰ পৰা বিৰত থাকে৷ মহেন্দ্র সিং ধোনীৰ এনে প্রতিক্রিয়া দেখি ছ’চিয়েল মিডিয়াত বিতর্কৰ সৃষ্টি হয় আৰু চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীক কঠোৰ সমালোচনা কৰে৷ আম্পায়াৰগৰাকীৰ এনেকুৱা সিদ্ধান্তত অসন্তুষ্টি ব্যক্ত কৰে হায়দৰাবাদ দলটোৰ অধিনায়ক ডেভিদ ৱার্নাৰেও৷ উল্লেখ্য যে মেচখনত চেন্নায়ে ২০ ৰানত জয়ৰ সোৱাদ লাভ কৰে৷