নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দেশ–বিদেশৰ পর্যটকৰ বাবে ২১ অক্টোবৰত মুকলি কৰাৰ প্রস্তুতি চলাই থকা হৈছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে জানিবলৈ দিয়া মতে, সমগ্র বিশ্বত ক’ভিড–১৯ মহামাৰীৰ প্রকোপ কিছু হ্রাস পোৱাত চলিত মাহৰ ২১ তাৰিখে দিনৰ ১১ বজাত ৰাজ্যখনৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় উদ্যানখন পর্যটকে দর্শন কৰিব পৰাকৈ মুকলি কৰিব৷ উক্ত দিনা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কেন্দ্রস্থল কঁহৰা বনাঞ্চলৰ মিহিমুখত মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে উদ্যানৰ দ্বাৰ মুকলি কৰিব৷ চলিত বর্ষত ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত চাৰিবাৰকৈ বানপানীৰ সৃষ্টি কৰাত উদ্যানখনৰ আন্তঃগাঁথনি নষ্ট হৈছে৷ ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত বাট–পথ, দলং আদি অনিষ্ট হৈছিল৷ ২১ অক্টোবৰত পর্যটকৰ বাবে উদ্যান মুকলি কৰাৰ প্রতি লক্ষ্য ৰাখি বর্তমান মেৰামতিৰ কাম চলাই থকা হৈছে বুলি উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়ে৷ উক্ত দিনা ৰাষ্ট্রীয় উদ্যানখনৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত কেৱল জীপ ছাফাৰী মুকলি কৰা হ’ব৷ পৰৱর্তী সময়ত অগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চলত জীপ ছাফাৰীৰ লগতে নৱেম্বৰ মাহত পর্যটকৰ বাবে এলিফেণ্ট ছাফাৰী মুকলি কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়ে৷ উল্লেখ্য যে এইবাৰ ৰাষ্ট্রীয় উদ্যান দর্শনার্থীৰ বাবে মুকলি কৰিলেও -ক’ভিড মহামাৰীৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্রীয় ব্যাঘ্র সংৰক্ষণ প্রাধিকৰণে জাৰি কৰা নীতি–নির্দেশনা পর্যটকে পালন কৰিব লাগিব৷ সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ ১০ বছৰৰ তলৰ আৰু ৬৫ বছৰৰ ওপৰৰ পর্যটক উদ্যানত প্রৱেশ কৰাত বাধা থাকিব৷ ইয়াৰ উপৰি ক’ভিডৰ কাৰণে সামাজিক দূৰত্ব বজাই ৰাখি একোখনকৈ জীপছী গাডীত আৰু এটা হাতীত পূর্বৰ তুলনাত ৫০ শতাংশ পর্যটকেহে ছাফাৰী কৰিব পাৰিব৷ উদ্যান দর্শন কৰিবলৈ যোৱা পর্যটকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব৷ উদ্যানৰ প্রৱেশদ্বাৰত প্রতিজন পর্যটকক বন বিভাগৰ লোকে থার্ম স্কেনাৰৰ দ্বাৰা পৰীক্ষা কৰাৰ পাছতহে উদ্যানত প্রৱেশত অনুমতি দিব৷ পর্যটকৰ লগতে জীপ ছাফাৰীৰ গাডী ছেনিটাইজ কৰিব লাগিব৷ ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত পর্যটকে গাডীৰ পৰা নামিব নোৱাৰিব বুলিও সঞ্চালক পি শিৱকুমাৰে নিশ্চিত কৰি দিয়ে৷
Prev Post
Next Post
You might also like