নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়াৰ তেল ডিপোত এনএইচপিচিৰ ট্রেইলাৰ

গেৰুকামুখলৈ যন্ত্রাংশৰ গোপন সৰবৰাহ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ   অসমবাসীৰ জনমতক উপেক্ষা কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণ কৰিবলৈ যেন বদ্ধপৰিকৰ এন এইচ পি চি কর্তৃপক্ষ৷ বিভিন্ন দল–সংগঠনৰ ধাৰাবাহিক প্রতিবাদ–আন্দোলন সত্ত্বেও এন এইচ পি চিয়ে গেৰুকামুখৰ প্রকল্পস্থলীলৈ গোপনে যন্ত্রাংশৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, গোপনে এইদৰে যন্ত্রাংশ তথা অন্যান্য সামগ্রী সৰবৰাহ কৰি এন এইচ পি চিয়ে ইতিমধ্যে দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম জলবিদ্যুৎ প্রকল্পটোত নির্মাণৰ কাম সম্পূর্ণ কৰি তুলিছে প্রায় ৮০ শতাংশ৷ ২০২৩ চনত উদ্বোধন কৰাৰ লক্ষ্য আগত ৰাখি এন এইচ পি চিয়ে বাকী থকা কামো সম্পূর্ণ কৰাৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে৷ অতি শেহতীয়াকৈ নিৰাপত্তাৰক্ষীৰ সুৰক্ষা বেষ্টনীৰ মাজত প্রকল্পস্থলীলৈ প্রায় প্রতিদিনে নি থকা হৈছে বিভিন্ন যন্ত্রপাতি৷ যোৱা মাহত প্রকল্পস্থলীলৈ যন্ত্রাংশ কঢ়িয়াই অনা বাহনসমূহ দিনৰ ভাগত চতিয়াৰ ভাৰত পেট্র’লিয়াম তেল ডিপোত ৰাখি নিশাৰ ভাগত লৈ যোৱা হৈছিল গেৰুকামুখলৈ৷ আজিও ইয়াৰ পুনৰাবৃত্তি ঘটিল৷ নগাঁৱৰ শেনচোৱাস্থিত এন এইচ পি চিৰ গুদামৰ পৰা যন্ত্রাংশ কঢ়িয়াই অনা ৮খনকৈ বৃহৎ ট্রেইলাৰ পুৱাৰ ভাগত তেল ডিপোটোৰ চৌহদত প্রৱেশ কৰে৷ বাহনকেইখনৰ চালকসকলে জানিবলৈ দিয়া মতে, নিশাৰ ভাগলৈ যন্ত্রাংশসমূহ গেৰুকামুখলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে৷ অর্থাৎ আজি নিশাৰ ভাগতে এই ৮খনকৈ বৃহৎ ট্রেইলাৰ ৰাওনা হ’ব গেৰুকামুখ অভিমুখে৷ উল্লেখ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম দিনে–নিশাই চলি থকাৰ সময়তে শেহতীয়া বানপানীৰ সোঁতে ইখনৰ পাছত সিখন গার্ডৱাল খহাই পেলোৱাৰ ফলত পাৱাৰ হাউছ পর্যন্ত বুৰ গৈছিল৷ তদুপৰি গার্ডৱালসমূহ খহি যোৱাৰ বাবে নামনি অংশৰ ভিন্ন প্রান্তত ভয়ংকৰ খহনীয়া হৈছে৷ উত্তৰপৰীয়া ৰাইজৰ বাবে ‘জলবোমা’সদৃশ হৈ পৰা প্রকল্পটোৰ গার্ডৱালকেইখনেই ৰক্ষা কৰিব নোৱাৰা এন এইচ পি চি কর্তৃপক্ষই নামনি অংশৰ জনসাধাৰণৰ সুৰক্ষা কিদৰে নিশ্চিত কৰিব, সেইটোহে আজিৰ তাৰিখত এক ডাঙৰ প্রশ্ণ হৈ পৰিছে৷

You might also like