গোসাঁইগাঁৱত গ্রেপ্তাৰ বিহাৰৰ নাৰী সৰবৰাহকাৰী
ফেচবুকত প্রেমৰ জালঃ মেঘালয়ৰ যুৱতীক পলুৱাই নিয়াৰ ষড়যন্ত্র ব্যর্থ
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ ফেচবুকত পৰিচয় হৈ প্রেমৰ ছলেৰে বহিঃৰাজ্যলৈ এগৰাকী মেঘালয়ৰ যুৱতীক পলুৱাই নিবলৈ আহি আৰক্ষীৰ জালত পৰিল বিহাৰৰ নাৰী সৰবৰাহকাৰী কুখ্যাত চক্র৷ গোসাঁইগাঁৱত জালত পৰা এই চক্রটোৰ কবলৰ পৰা ইতিমধ্যে যুৱতীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি অভিভাৱকক গতাই দিয়ে৷ নাৰী সৰবৰাহকাৰী মহিলাসহ চাৰিজনক আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা স্কৰপিঅ’ এখনো আৰক্ষীয়ে জব্দ কৰিছে৷ গোসাঁইগাঁও থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া মণ্টুৰাম বৰাই জানিবলৈ দিয়া মতে, গোসাঁইগাঁও মহকুমা সদৰ চহৰ সংলগ্ন ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ স্বাপট ব্রীজস্থিত আৰক্ষীৰ তালাচীৰ মাজতে কালি বিয়লি প্রায় দুই বজাত পশ্চিমবংগ অভিমুখী বি আৰ–১১ পি বি–২১৫৬ নম্বৰৰ এখন স্কৰপি’ গাডীৰ যাত্রীসকলক সোধা–পোছা কৰাত তেওঁলোকৰ কথাত বিসংগতি ধৰা পৰে৷ ইপিনে, লকডাউনৰ মাজতে বিহাৰৰ পৰা অহা স্কৰপি’খনৰ ওভতনি যাত্রাত এগৰাকী জনজাতীয় যুৱতীক লৈ যোৱা সম্পর্কত তেওঁলোকক গোসাঁইগাঁও থানালৈ লৈ অনাত ঘটনাটো পোহৰলৈ আহে৷ উদ্ধাৰ হোৱা মেঘালয়ৰ যুৱতীগৰাকীয়ে আৰক্ষীৰ আগত সদৰী কৰা মতে, ফেচবুকত এমাহ পূর্বে চিনাকি হোৱা বিহাৰৰ পূর্ণিয়া জিলাৰ যুৱকজনে যুৱতীগৰাকীক প্রেমৰ ছলনাৰে বিয়াৰ প্রস্তাৱ দিয়ে৷ পৰিকল্পিতভাৱে নাৰী সৰবৰাহকাৰী কুখ্যাত চক্রটো সুদূৰ বিহাৰৰ পৰা আহি মেঘালয়ত উপস্থিত হৈ পৰিয়ালৰ অজ্ঞাতে যুৱতীগৰাকীক লৈ যোৱাৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰে৷ পিংকি দেৱী নামৰ এগৰাকী মহিলাৰ উপৰি বিহাৰৰ পূর্ণিয়া জিলাৰ মাছোৰীয়া গাঁৱৰ তিনি যুৱক ক্রমে ৰহিত কুমাৰ, ৰাজীৱ কুমাৰ আৰু আচমানী বৈটাক গ্রেপ্তাৰ কৰে৷ ইতিমধ্যে মেঘালয়ৰ যুৱতীগৰাকীৰ অভিভাৱকক ফোনযোগে যোগাযোগ কৰাত গোসাঁইগাঁও আৰক্ষী থানাত উপস্থিত হয়৷ অভিভাৱকে যুৱতীগৰাকীক নিজ গৃহলৈ লৈ যায়৷ আনহাতে, ধৃত নাৰী সৰবৰাহকাৰীৰ দলটোৱে প্রেমৰ ছলনাৰে বিবাহৰ প্রস্তাৱ দি দিল্লীৰ পতিতালয়ত বিক্রীৰ যো–জা চলোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷