হাগ্রামাৰ স্বেচ্ছাচাৰিতা চন্দন ব্রহ্মৰ কূটনীতিত নিঃশেষ হ’ব বিপিএফ
ওদালগুৰিত ইউপিপিএলৰ কর্মীসভাত সভাপতি প্রমোদ বড়ো
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ বিপিএফৰ বহু নেতা–কর্মীয়ে দল ত্যাগ কৰি আন দললৈ যোৱাটো নিশ্চিত৷ কেৱল বিজেপিয়েই নহয়, ইউপিপিএল দলৰ লগতো বিপিএফৰ বহু নেতা–কর্মীয়ে যোগদানৰ বাবে যোগাযোগ কৰি আছে৷ কিন্তু ইউপিপিএল দলে এতিয়াই এই সন্দর্ভত কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷– এই মন্তব্য ইউপিপিএলৰ সভাপতি প্রমোদ বডোৰ৷ বৃহস্পতিবাৰে ওদালগুৰিত ইউপিপিএলৰ কর্মীসভাত অংশগ্রহণ কৰি সংবাদ মাধ্যমৰ আগত দলৰ সভাপতিগৰাকীয়ে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক কঠোৰ সমালোচনা কৰে৷ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীৰ লগতে আন কেইবাজনো বিপিএফ নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাক লৈ ওলোৱা খবৰ সম্পর্কত মন্তব্য কৰি ইউপিপিএলৰ সভাপতিগৰাকীয়ে কয়– কেৱল বিজেপিয়েই নহয়, ইউপিপিএল দলৰ লগতো বিপিএফৰ বহু নেতা–কর্মীয়ে যোগদানৰ বাবে যোগাযোগ কৰি আছে৷ কাৰণ বিপিএফত এতিয়া হাগ্রামাৰ একনায়কত্ববাদ চলিছে আৰু মন্ত্রী চন্দন ব্রহ্মৰ কূটনীতি৷ য’ত অতিষ্ঠ হৈ বিপিএফৰ বহু শীর্ষ নেতায়ো এতিয়া বিপিএফ ত্যাগ কৰিবলৈ সাজু হৈছে৷ ইউপিপিএলৰ সভাপতি বড়োৱে কয়– সর্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্রীসভাত বিপিএফ দলৰ নেতা হৈও প্রথমাৱস্থাত মন্ত্রিত্ব নোপোৱাৰ বাবেই বিপিএফ দলত চন্দন ব্রহ্মই বিভিন্ন কূটনীতি আৰম্ভ কৰিছে৷ দক্ষ আৰু জ্যেষ্ঠ লোকসকলক বাহিৰ কৰি নিজে এক নম্বৰ লীডাৰ হোৱাৰ চন্দন ব্রহ্মৰ মানসিকতাই হাগ্রামাক একাষৰীয়া কৰাই নহয়, সমগ্র দলটোকেই নিঃশেষ কৰিব৷ শেহতীয়াকৈ বিজেপি দলে বিটিচি নির্বাচনত অকলে সর্বশক্তিৰে অৱতীর্ণ হৈ চৰকাৰ গঠনৰ দাবী কৰাৰ লগতে লাখ লাখ বডো লোকে এতিয়া বিজেপিত যোগদান কৰিব বুলি সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্যৰ প্রসংগত ইউপিপিএলৰ সভাপতিগৰাকীয়ে কয়– বিটিআৰ অঞ্চলত থকা ৩৫ লাখ লোকৰ প্রত্যেকৰে নিজা নিজা ৰাজনৈতিক স্বাধীনতা আছে৷ কোনেও কাকো বাধা দি ৰাখিব নোৱাৰে৷ যাৰ য’ত ইচ্ছা, সেই দলতেই যোগদান কৰি ৰাজনীতি কৰিব৷ কিন্তু বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ দৰে সুবিধাবাদৰ ৰাজনীতি নকৰি আদর্শ, উন্নয়ন আৰু সম্প্রীতিৰ ৰাজনীতি কৰাটো সকলোৰে বাবে ভাল বুলি তেওঁ মন্তব্য কৰে৷ ইপিনে, ৰাজ্যত মাদ্রাছা আৰু সংস্কৃত টোল বন্ধ কৰা সন্দর্ভত শিক্ষামন্ত্রীয়ে কৰা মন্তব্য সন্দর্ভত সাংবাদিকে কৰা প্রশ্ণৰ পৰা অতি কৌশলেৰে ফালৰি কাটি কিছু অধ্যয়নৰ পিছতহে তেওঁ ৰাজহুৱা মন্তব্য কৰিব বুলি সদৰী কৰে৷ ইউপিপিএলৰ কর্মীসভাত বিটিচিৰ ৩৮নং ভৈৰৱকুণ্ড সমষ্টিৰ ইউপিপিএলৰ প্রার্থী তথা প্রাক্তন বিদ্রোহী নেতা গোবিন্দ বসুমতাৰীয়ে পৰিষদীয় নির্বাচনত ইউপিপিএলৰ কর্মীসকলক নিজৰ ৰাজনৈতিক শত্রুসকলক চিনাক্ত কৰি ভোটযুদ্ধত তেওঁলোকক পৰাস্ত কৰিবলৈ এতিয়াৰে পৰা সক্রিয়ভাৱে দলৰ হৈ কাম কৰিবলৈ আহ্বান জনায়৷