নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাজহুৱা ধন কোনো এখন বিশেষ ধৰ্মগ্ৰন্থ পঢ়াৰ বাবে খৰচ কৰিব নোৱাৰো’

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ নবেম্বৰ মাহৰ পৰা বন্ধ হ’ব ৰাজ্যৰ মাদ্ৰাছাসমূহ। ৰাজ্য চৰকাৰে ৰাজহুৱা ধন ব্যয় কৰি কোনো এখন বিশেষ ধৰ্মগ্ৰন্থ পঢ়িবৰ বাবে খৰচ কৰিব নোৱাৰে। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

যদিহে কোনোবাই কয় যে আমাক মাদ্ৰাছা লাগে তেতিয়াহ’লে চৰকাৰে বৈদিক বিদ্যালয়ো খুলিব লাগিব। ইয়াৰ লগে লগে বাইবেলৰ ওপৰতো শিক্ষা দিব লাগিব। গতিকে আমাৰ সন্মুখত বিকল্প দুটাই আছে হয়তু মাদ্ৰাছা বন্ধ হ’ব লাগিব নহ’লে সকলো ধৰ্মৰ স্কুল খুলিব লাগিব। শিৱসাগৰত এই মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ। 

You might also like