আজি চেন্নাই ছুপাৰ কিংছৰ সন্মুখত দিল্লী কেপিটেলছ
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে শেহতীয়া মেচত চমকপ্রদ জয় সাব্যস্ত কৰি পুনৰ উজ্জীৱিত হৈ উঠা চেন্নাই ছুপাৰ কিংছ আজি দিল্লী কেপিটেলছৰ মুখামুখি হ’ব৷ শ্বাৰজাহ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ মেচখনত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নায়ে জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি চলিত আই পি এলত প্লে’ অফ খেলাৰ আশা সজীৱ কৰি ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷
অ’পেনাৰ ফাফ ডু প্লেচিছ আৰু শ্বেন ৱাটছনৰ চমকপ্রদ ফর্মে দলটোৰ মনোবল বৃদ্ধি কৰি ৰখাৰ সময়তে শেহতীয়াকৈ ফর্ম উদ্ধাৰ কৰিছে অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা আৰু অধিনায়ক ধোনীয়ে৷
অৱশ্যে জাদেজা আৰু ধোনীয়ে আজিৰ মেচত অধিক দীঘলীয়া ইনিংছ খেলাৰ আশা কৰিব চেন্নাই ছুপাৰ কিংছে৷ বলিঙত শার্দূল ঠাকুৰ আৰু দীপক চহৰে অধিনায়ক ধোনীৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে৷
ইফালে, শেহতীয়া মেচখনত ৰাজস্থান ৰয়েলছক ১৩ ৰানত পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা দিল্লী কেপিটেলছে অধিনায়ক শ্রেয়াছ আয়াৰৰ ফিটনেছক লৈ কিছু চিন্তাত পৰিছে৷ আজি তেওঁৰ অংশগ্রহণ এতিয়াও নিশ্চিত হোৱা নাই৷ উদীয়মান অ’পেনাৰ পৃথ্বি শ্ব আৰু মিডল অর্ডাৰ বেটছমেন আজিংক্য ৰাহানেৰ পৰাও দলে দীঘলীয়া ইনিংছ আশা কৰিছে৷ ধোনী বাহিনীৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ দুই তাৰকা বেগী বলাৰ কাগিছ’ ৰাবাডা আৰু এনৰিচ নর্টজেৰ প্রদর্শন লক্ষণীয় হ’ব৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷