নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাৱর্তনৰ লক্ষ্যৰে আজি খেলপথাৰত আৰচিবি-ৰাজস্থান ৰয়েলছ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ  কিংছ একাদশ পঞ্জাবৰ বিৰুদ্ধে  ৮ উইকেটত পৰাজয়বৰণ কৰাৰ পিছত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে চলিত আই পি এলত শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্যৰে আজি পুনৰ খেলপথাৰত নামিব৷ ডুবাই আন্তঃৰাষ্ট্রীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত বিৰাট কোহলি নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব সমস্যাজর্জৰ ৰাজস্থান ৰয়েলছ৷

আঠখন মেচৰ মাত্র তিনিখনত জয়ৰ মুখ দেখা ৰাজস্থান ৰয়েলছৰ সন্মুখত বৃহৎ সমস্যা হিচাপে দেখা দিছে অধিনায়ক স্মিথ আৰু উদীয়মান তাৰকা সঞ্জু ছেমছনৰ দুর্বল ফর্ম৷ শ্বাৰজাহত অনুষ্ঠিত প্রথম দুখন মেচত বিস্ফোৰক বেটিঙেৰে দুর্দান্ত আৰম্ভণি ঘটোৱা স্মিথ আৰু ছেমছনৰ হঠাতে ছন্দপতন ঘটে৷ জ’ছ বাটলাৰে সুন্দৰ আৰম্ভণি ঘটায়ো দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হৈছে৷

অৱশ্যে ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছে দিল্লী কেপিটেলছৰ বিৰুদ্ধে শেহতীয়া মেচখনত ৪১ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলি ফর্মলৈ ওভতাৰ ইংগিত দিছে৷ মিডল অর্ডাৰত ৰিয়ান পৰাগ আৰু ৰাহুল টেৱাটিয়াৰ পৰা ৰাজস্থান ৰয়েলছে পুনৰ মেচ উইনিং ইনিংছ আশা কৰিব৷

উল্লেখ্য যে ছানৰাইজার্ছৰ বিৰুদ্ধে এই দুই যুৱ তাৰকাই চমকপ্রদ বেটিঙেৰে ৰাজস্থান ৰয়েলছক অবিশ্বাস্য জয়ৰ সোৱাদ দিছিল৷ বিৰাট কোহলি, এবি ডি ভিলিয়ার্ছ, আৰন ফিনছ আদিৰ দৰে আক্রমণাত্মক বেটছমেনৰ বিৰুদ্ধে আজি ৰাজস্থানৰ তাৰকা বেগী বলাৰ জ’ফ্রা আর্চাৰৰ প্রদর্শন লক্ষণীয় হ’ব৷
খেলৰ সময়: বিয়লি ৩.৩০ বজা৷

You might also like