নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ আজি ৰাজ্যজুৰি উদ্যাপন কৰা হ’ব কাতি বিহু৷ চাৰিটাকৈ বানে ধুই যোৱা পথাৰত জ্বলিব আকাশ বন্তি৷ ঘৰে ঘৰে তুলসীৰ তলত থাপনা পাতি জ্বলোৱা হ’ব চাকি–বন্তি৷ লগে লগে অসমৰ কৃষক ৰাইজে প্রস্তুতি চলাব পথাৰৰ লখিমীক আদৰাৰ৷ অৱশ্যে পূর্বৰ দৰে কাতি বিহু উদ্যাপনৰ বাবে ৰাইজৰ মাজত পৰিলক্ষিত হোৱা নাই উছাহ–উদ্দীপনা৷ মহামাৰী ক’ৰোনাই ৰাজ্যবাসীক সন্ত্রস্ত কৰি ৰখাৰ সময়ত কেৱল পৰম্পৰা ৰক্ষা কৰি উদ্যাপন কৰা হ’ব কাতি বিহু৷ সমান্তৰালভাৱে এই বছৰত অহা চাৰিটাকৈ বানপানীত ৰাজ্যৰ কৃষকসকল ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে৷ বহু স্থানত বানে নষ্ট কৰিছে হাজাৰ হাজাৰ বিঘা ভূমিৰ ধানখেতি৷ বহু প্রান্তত কৃষকে বাঢ়নী পানীৰ বাবে পথাৰত ৰুব নোৱাৰিলে ধান৷ সেইদৰে একাধিক স্থানত নদীৰ বালিয়ে পুতি পেলাইছে পথাৰ৷ এই স্থানসমূহত এইবাৰ খেতি কৰাৰ বাবে বিৰত থাকিবলগীয়া হ’ল খেতিয়কসকল৷ তদুপৰি বানৰ এই প্রত্যাহ্বানৰ মাজত খেতি কৰিলেও বহু স্থানত শূঁৰ পোকৰ আক্রমণত নষ্ট হৈছে ধানখেতি৷ ইয়াৰ মাজতে পৰম্পৰা ৰক্ষা কৰি কাইলৈ কৃষকসকলে পালন কৰিব কাতি বিহু৷ সন্ধিয়া হোৱাৰ লগে লগে আকাশ বন্তিৰে জিলিকি উঠিব শস্য শ্যামলা খেতিপথাৰ৷ নাম–প্রসংগৰে মুখৰিত হৈ পৰিব অসমবাসীৰ পদূলি৷ কাতি বিহু উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে৷ এক শুভেচ্ছা বার্তাত ৰাজ্যপালগৰাকীয়ে কয়– ‘শস্য পথাৰৰ প্রাচুর্য কামনাৰে কাইলৈ উদ্যাপন কৰা হ’ব কাতি বিহু৷ অসমৰ অর্থনীতি কৃষিৰ সৈতে জড়িত আৰু অধিকাংশ লোকেই খেতিৰ ওপৰত নির্ভৰশীল৷ সেয়েহে এই বিহু অসমৰ সমাজ জীৱনৰ বাবে এক গুৰুত্বপূর্ণ অংশ৷’ কাতি বিহু উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও৷ এক বিবৃতিত মুখ্যমন্ত্রী সোণোৱালে কয়– ‘কাতি বিহুৰ পৱিত্র বন্তিৰ পোহৰে আমাৰ সমাজৰ পৰা অসূয়া–প্রীতিৰ অন্ধকাৰ আঁতৰাই আমাৰ মাজত থকা সম্প্রীতিৰ এনাজৰী অধিক সুদৃঢ় কৰি বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামত বসবাস কৰা সকলো অসমবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিব৷ কৃষিভিত্তিক এই উৎসৱে অসমৰ শস্য শ্যামলা পথাৰসমূহ সোণগুটিৰে উপচি পৰি অসমৰ কৃষক সমাজলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিব৷’