বৰপলহাত অতিথিশালাৰ আধাৰশিলা স্থাপন ৰিণিকি ভূঞা শর্মাৰ
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ জালুকবাৰী সমষ্টিৰ ভিতৰতে প্রথম বৰপলহাত দেওবাৰে অসম দর্শন আঁচনিৰ অধীনত এটা দুমহলীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন কৰা হয়৷বৰপলহা শ্রীশ্রী বুঢ়াগোসাঁই মন্দিৰ প্রাংগণত ১০ লাখ টকাৰে নির্মাণ কৰিবলগীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই৷ দিনৰ ১১.৩০বজাত মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰমেশ মেধিয়ে আঁত ধৰা আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে আগডলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মনোজ কাকতি৷
৬৪সংখ্যক বৰপলহা শ্রীশ্রী বুঢ়াগোসাঁই মন্দিৰৰ অখণ্ড ভাগৱত পাঠৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অতিথিশালাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্দিৰ পৰিচালনা সমিতিয়ে অসম দর্শন আঁচনিৰ পৰা ইতিমধ্যে প্রথম কিস্তিৰ ৭ লাখ টকা পোৱা বুলি উল্লেখ কৰে৷ সম্পূর্ণ মাংগলিক কার্যৰে আয়োজন কৰা আধাৰশিলা কার্যসূচীত ৰিণিকি ভূঞা শর্মাক আদৰণি জনায় মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক তিলক চন্দ্র নাথ, নির্মাণ সমিতিৰ সম্পাদক নয়ন শর্মা আৰু সৰোজ কুমাৰ ডেকাই৷ ক’ভিড প্রট’কলৰ বাবে অখণ্ড ভাগৱত পাঠ আৰু আধাৰশিলা স্থাপন কার্যসূচী অনুষুটপীয়াকৈ পালন কৰে বৰপলহাবাসীয়ে৷ নৱৰাত্রিৰ শুভেচ্ছা জ্ঞাপন কৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই অতিথিশালাটো সম্পূর্ণ হৈ উঠিলে স্থানীয় ৰাইজৰ যথেষ্ট সুবিধা হ’ব বুলি উল্লেখ কৰে৷
ইফালে, আজি পুৱা ৮বজাত ৬৪সংখ্যক অখণ্ড ভাগৱত পাঠৰ ধর্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মহেন্দ্র নাথে৷