নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক পৃষ্ঠপোষকতাতে হৈছিল পি এণ্ড আৰডিত নিযুক্তি

ক্রাইম ব্রাঞ্চৰ জেৰাত ৰাজীৱ পৰাশৰৰ বিস্ফোৰণ, ছয়মাইলৰ পৰাশৰৰ ফ্লেটলৈ সঘন আহ যাহ আছিল বহু নেতাৰ

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ  ৰাজনৈতিক পৃষ্ঠপোষকতাতে সংঘটিত হৈছিল পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰি৷ একাংশ ৰাজনৈতিক নেতাক সাৰথি কৰি লৈ বিজেপিৰ প্রভাৱশালী কর্মী ৰাজীৱ পৰাশৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰি সংঘটিত কৰিছিল৷ ক্রাইম ব্রাঞ্চৰ জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি দিছে ধৃত দালাল ৰাজীৱ পৰাশৰে৷ আৰক্ষীৰ এক সূত্রই সদৰী কৰা তথ্য মতে, মহানগৰীৰ ছয়মাইলত থকা জে কে এপার্টমেণ্টৰ সপ্তম মহলাত থকা স্থানত সঘন আহ–যাহ আছিল একাংশ বিজেপি তথা আৰ এছ এছ নেতাৰ৷ দালাল ৰাজীৱৰ ম’বাইল ফোনৰ কল লিষ্টতো একাংশ বিজেপি আৰু আৰ এছ এছ নেতাৰে সঘন যোগাযোগ কৰাৰ তথ্য লাভ কৰিছে ক্রাইম ব্রাঞ্চে৷ আৰক্ষী সূত্রটোৱে জনোৱা মতে, ৰাজীৱ পৰাশৰৰ ফ্লেটত একাংশ বিজেপি নেতা আৰু আৰ এছ এছ নেতাৰে একেলগে উঠা বহুকেইখন ফটো আঁৰি থোৱা আছে৷ সংশ্লিষ্ট বিজেপি নেতা আৰু আৰ এছ এছ নেতাৰ সৈতে উঠা ফটো দেখুৱাই ধৃত ৰাজীৱে নিজকে বহু ‘প্রভাৱশালী’ নেতা হিচাপে চাকৰি প্রার্থীৰ আগত জাহিৰ কৰে৷ বিজেপিৰ একাংশ হাই প্রফাইল নেতাৰ সৈতে থকা ঘনিষ্ঠতাৰ সূত্রে চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত বহু প্রার্থীৰ পৰা ধন সংগ্রহ কৰিছিল ৰাজীৱে৷ বিজেপি নেতা আৰু আৰ এছ এছ নেতাৰে থকা ঘনিষ্ঠতাৰ সুযোগ লৈ ৰাজীৱ পৰাশৰে দীর্ঘদিন ধৰি বিভিন্ন বিভাগত দালালি কৰি আহিছিল৷ কেৱল পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগেই নহয়, বহু বিভাগৰ একাংশ এ চি এছ বিষয়াৰেও ঘনিষ্ঠতা আছে দালাল ৰাজীৱৰ৷ আৰক্ষীৰ সূত্রটোৱে জনোৱা মতে, এই ঘনিষ্ঠতাৰ সূত্রে দালালজনে চাকৰি দিয়াৰ নামত বহু প্রার্থীৰ পৰা ৫ৰ পৰা ১০ লাখ টকা পর্যন্ত ধন সংগ্রহ কৰিছিল৷ বহু প্রার্থীয়ে ইতিমধ্যে ধন দিয়াৰ আগতে ৰাজীৱৰ লগত লিখিত চুক্তি কৰিছিল৷ তেনে বহু প্রার্থীৰ নাম পাইছে ক্রাইম ব্রাঞ্চে৷ এই সকলো প্রার্থীক সোধা–পোছা কৰাৰ বাবে শীঘ্রেই তলব কৰিব ক্রাইম ব্রাঞ্চে৷ এই প্রার্থীসকলৰ অধিকাংশই শোণিতপুৰ, বিশ্বনাথ, নগাঁও, লখিমপুৰ আৰু ধেমাজি আদি জিলাৰ৷ এই অঞ্চলৰ বহু প্রার্থীৰ পৰা সংগ্রহ কৰা ধনেৰে বিলাসী জীৱন কটোৱা ৰাজীৱে বালিপৰাত এটা চাহ ফেক্টৰী খোলাৰ তথ্য লাভ কৰিছে ক্রাইম ব্রাঞ্চে৷ ক্রাইম ব্রাঞ্চে ইতিমধ্যে ৰাজীৱৰ ৫টা বেংক একাউণ্ট, এডমিট কার্ড আৰু চাকৰি দিয়াৰ বাবে কৰা বহুকেইখন চুক্তিপত্র জব্দ কৰিবলৈ সক্ষম হৈছে৷
ৰাজীৱ পৰাশৰৰ গাডীত বিশ্বনাথৰ বিধায়কৰ কাৰ পাছক লৈ কংগ্রেছৰ প্রতিক্রিয়া
পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত চাকৰি দিয়াৰ প্রলোভন দি ধনৰ লেনদেন কৰা ৰাজীৱ পৰাশক গ্রেপ্তাৰ কৰাৰ পাছত দালালজনৰ স্ক’ৰপিঅ’ গাড়ীত বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰৰ বিধানসভাৰ কাৰ পাছ উদ্ধাৰ হোৱাৰ পাছত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে কংগ্রেছ দলে৷ বিধায়ক প্রমোদ বৰঠাকুৰে অভিযুক্ত দালালজনৰে সম্পর্ক নাই বুলি কোৱাৰ পাছত সংবাদ মেলৰ আয়োজন কৰিছে অসম প্রদেশ কংগ্রেছৰ মুখপাত্র ড০ সঞ্জু বৰুৱাই৷ বিশ্বনাথ জিলা কংগ্রেছ কার্যালয়ত অসম প্রদেশ কংগ্রেছৰ মুখপাত্র তথা সম্পাদক ড০ সঞ্জু বৰুৱাই ৰাজীৱ পৰাশৰ বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰৰ মোমায়েকৰ পৰিয়ালৰ বুলি বিস্ফোৰক মন্তব্য প্রকাশ কৰে৷ কংগ্রেছ নেতাজনে বিশ্বনাথৰ বিধায়কগৰাকীকো তদন্তৰ আওতালৈ আনিবলৈ মুখ্যমন্ত্রীক আহ্বান জনায়৷ ড০ সঞ্জু বৰুৱাই লগতে অভিযোগ কৰে যে এই পঞ্চায়ত আৰু গ্রামোন্নয়ন নিযুক্তি কেলেংকাৰিত বিধায়কজনো জডিত৷ ইফালে বিধায়কগৰাকীয়ে ৰাজীৱ পৰাশৰৰ লগত কোনো ধৰণৰ সম্পর্ক নাইবুলি কোৱা কথাষাৰ সম্পূর্ণ মিছা বুলি অভিযোগ তুলি কয় যে এজন বিধায়কে বিধানসভালৈ যোৱাৰ বাবে নিজৰ পৰিয়াল, আত্মীয় আৰু বন্ধুকহে কাৰ পাছ দিব পাৰে৷ তেনে ক্ষেত্রত বিধায়ক বৰঠাকুৰে ৰাজীৱ পৰাশৰক কাৰ পাছ দিয়া মানে হয় তেওঁ পৰিয়ালৰ মানুহ, নহয় বন্ধু তথা আত্মীয় হ’ব লাগিব৷
কাৰ পাছেৰে চাকৰি দিব নোৱাৰিঃ বিশ্বনাথৰ বিজেপি বিধায়ক প্রমোদ বৰঠাকুৰ
দালাল ৰাজীৱ পৰাশৰৰ বিলাসী গাডীত বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰৰ দ্বাৰা ইছ্যু হোৱা কাৰ পাছ উদ্ধাৰৰ পাছত মুখ খুলিছে বিধায়কজনে৷ বিধায়কজনৰ মতে, ম্যাদ উকলি যোৱা কাৰ পাছখনক লৈ বিৰোধীয়ে যিমানেই নিচিঞৰক কিয়, এয়া যে নির্বাচনৰ পূর্বে ৰাজনৈতিক কুচকাৱাজ, সেয়া সকলোৱে বুজিব পাৰিছে৷ সম্ভৱতঃ ২০১৭ চনমানত দলীয় চিনাকি সূত্রে ৰাজীৱ পৰাশৰক কাৰ পাছ দিয়া বুলি উল্লেখ কৰি বিধায়কজনে এই কথাও কয় যে সেই সময়ত ৰাজীৱ নামৰ যুৱকজনৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন হোৱা নাছিল৷ কাৰ পাছৰ দ্বাৰা চাকৰি দিব নোৱাৰি৷ আইনে নিজৰ পথ নিজেই ল’ব৷ বিধায়ক হিচাপে দুর্নীতিৰ স’তে সাঙুৰিব নোৱাৰি কোনোৱে নির্বাচনৰ বৈতৰণী পাৰ হ’বলৈ কৰা এনে ষডযন্ত্রৰ যোগ্য প্রত্যুত্তৰ বিশ্বনাথৰ ৰাইজে দিব বুলিও দাবী কৰে বিধায়ক বৰঠাকুৰে৷

You might also like