নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্তিত্ব ৰক্ষাৰ যুঁজত আজি চেন্নাই–ৰাজস্থান ৰয়েলছ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ আই পি এলত অনুৰাগীৰ প্রত্যাশা পূৰণত সম্পূর্ণৰূপে ব্যর্থ হোৱা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছে আজি অস্তিত্ব ৰক্ষাৰ যুঁজত পৰস্পৰৰ মুখামুখি হ’ব৷ আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া মেচখনত উভয় দলে বহু প্রত্যাশিত জয়ৰ সন্ধানত খেলপথাৰত নামিব৷ সম্প্রতি ৬খনকৈ মেচত পৰাস্ত হৈ পইণ্ট তালিকাৰ ষষ্ঠ আৰু সপ্তম স্থানত থকা চেন্নাই আৰু ৰাজস্থান শনিবাৰে খেলা মেচত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে৷

ৰাজস্থান ৰয়েলছে বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হাতত আৰু চেন্নাই ছুপাৰ কিংছে শ্রেয়াছ আয়াৰ নেতৃত্বাধীন দিল্লী কেপিটেলছৰ হাতত পৰাজয় স্বীকাৰ কৰে৷ এই ব্যর্থতা পাহৰি উভয় দলে আজি জয়ৰ ধাৰালৈ উভতি অহাৰ সংকল্প লৈছে৷ অধিনায়ক ষ্টিভেন স্মিথৰ ফর্ম উদ্ধাৰে ৰাজস্থান ৰয়েলছক কিছু সকাহ দিছে যদিও সঞ্জু ছেমছন আৰু জজ বাটলাৰে সুন্দৰ আৰম্ভণি লাভ কৰিও দীঘলীয়া ইংনিছ খেলাত ব্যর্থ হৈছে৷ বেন ষ্ট’কছকো স্বাভাৱিক ছন্দত দেখিবলৈ পোৱা নাই৷

আৰ চি বিৰ বিৰুদ্ধে দুর্বল প্রদর্শন দাঙি ধৰা বলিং বিভাগক লৈও ৰাজস্থান ৰয়েলছ চিন্তিত৷ ইংলেণ্ডৰ তাৰকা বেগী বলাৰ জোফ্রা আর্চাৰে দলৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে যদিও বাঁওহতীয়া বেগী বলাৰ জয়দেৱ উনাডকাটৰ প্রদর্শনে সকলোকে হতাশ কৰিছে৷

ইফালে, দিল্লীৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ধোনী বাহিনীয়ে আজি বলিং আৰু ফিল্ডিঙত শুধৰণি ঘটাব লাগিব৷ বেটিঙত অধিনায়ক ধোনীৰ পৰা দলে বিস্ফোৰক ইংনিছ আশা কৰিছে৷ ইফালে, আঘাতৰ বাবে অতি কমেও এসপ্তাহৰ বাবে বাহিৰ হৈছে চেন্নাই ছুপাৰ কিংছৰ তাৰকা অলৰাউণ্ডাৰ ডুৱেইন ব্রেভ’৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like