অনাদায় মাচুলঃ পাণবজাৰ ৱাটাৰ এটিএমৰ বিদ্যুৎ সংযোগ কর্তন
নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ স্মার্ট চিটী প্রকল্পৰ অধীনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ২০১৮ চনত মহানগৰবাসীৰ সুবিধার্থে স্থাপন কৰা ৱাটাৰ এটিএমৰ একাংশ সম্প্রতি বিকল হৈ আছে৷ ২৪ ঘণ্টাই খোৱাপানী যোগাৰ বাবে স্থাপন কৰা এটিএমসমূহ চোৱাচিতাৰ অভাৱত বিকল হৈ পৰি থকাৰ পিছতো বিভাগীয় কর্তৃপক্ষই এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ যাৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত স্থাপন কৰা ৱাটাৰ এটিএমৰ অধিকাংশ এটিএম দীর্ঘদিন ধৰি বন্ধ হৈ পৰিছে৷
বিশেষকৈ পাণবজাৰস্থিত ৰেৱতী ৰেষ্টুৰেণ্টৰ সন্মুখত স্থাপন কৰা এটিএমটোৰ বিদ্যুৎ মাচুল আদায় নিদিয়াৰ বাবেই এপিডিচিএল কর্তৃপক্ষই এটিএমটোৰ বিদ্যুৎ সংযোগ কর্তন কৰিছে৷ ফলত প্রায় এপষেক ধৰি এটিএমটোৰ পৰা পানী পোৱা নাই স্থানীয় লোকে৷
উল্লেখ্য যে স্মার্ট চিটী প্রকল্পৰ অধীনত জিএমডিএ কর্তৃপক্ষই বিভিন্ন স্থানত ১২টা ৱাটাৰ এটিএম স্থাপন কৰিছিল৷