নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ দেশত শীঘ্রে নাগৰিকত্ব সংশোধনী আইন (কা) বলৱৎ হ’ব৷ শিলিগুৰিত এক সমাৱেশ সম্বোধন কৰি এই মন্তব্য আগবঢ়াইছে বিজেপিৰ শীর্ষ নেতা জে পি নাড্ডাই৷ নাড্ডাই কয় যে বিজেপি ‘কা’ কৰাৰ ক্ষেত্রত সংকল্পবদ্ধ৷ দেশত এই আইন বলৱৎ হোৱাৰ লগে লগে ইয়াৰ সুফল সকলোৱে লাভ কৰিবলৈ সক্ষম হ’ব বুলিও নাড্ডাই মন্তব্য কৰিছে৷ ক’ভিড–১৯ মহামাৰীৰ বাবে কা কার্যকৰী হোৱা নাছিল দেশত৷ কিন্তু বর্তমান পৰিস্থিতিৰ উন্নতি ঘটিছে৷ ক্রমাৎ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে দেশলৈ৷ গতিকে কা শীঘ্রেই কার্যকৰী কৰাৰ চিন্তা–চর্চা চলাইছে মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে৷ ইফালে, তৃণমূল কংগ্রেছৰ নেত্রী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে জনসাধাৰণৰ মাজত সদায় বিভাজন বিচাৰে বুলিও প্রসংক্রমে উল্লেখ কৰিছে নাড্ডাই৷