নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ অক্টোবৰৰ পৰা বিহাৰত প্রচাৰ চলাব প্রধানমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা,  ২০ অক্টোবৰঃ বিধানসভা নির্বাচনৰ পূর্বে প্রচাৰ অভিযান তুংগত উঠিছে হিন্দী বলয়ৰ ৰাজ্য বিহাৰত৷ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত ৰাজ্যখনৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ নির্বাচনৰ ফলাফল ঘোষণা হ’ব ১০ নৱেম্বৰত৷

লক্ষণীয়ভাৱে জে ডি(ইউ)ৰে মিত্রতা ধর্ম ৰক্ষা কৰি এইবাৰ ৰাজ্যখনৰ নির্বাচনত অৱতীর্ণ হৈছে বিজেপি৷ যিকোনো প্রকাৰে বিহাৰ দখলৰ প্রচেষ্টা চলাইছে এন ডি এৰ নেতৃত্বত থকা শাসকীয় বিজেপিয়ে৷ ৰাজ্যখনৰ বিধানসভা নির্বাচনৰ প্রচাৰৰ বাবে ইতিমধ্যে সাজু হৈছে তাৰকা প্রচাৰকসকলক৷ আজিৰ পৰা বিহাৰ দখলৰ অভিযান আৰম্ভ কৰিব উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা যোগী আদিত্যনাথে৷ আদিত্যনাথে ১৮খন নির্বাচনী সভাত অংশগ্রহণ কৰাৰ বিপৰীতে প্রধানমন্ত্রী মোদীয়ে ১২খন সভাত অংশগ্রহণ কৰি জনসাধাৰণক সম্বোধন কৰিব৷

লক্ষণীয়ভাৱে ৰাজ্যখনৰ প্রথম পর্যায়ৰ নির্বাচনলৈ মাজত মাত্র ১০টা দিন বাকী আছে৷ বিজেপিয়ে নৰেন্দ্র মোদীৰ প্রচাৰৰ জৰিয়তেই বিহাৰত এক জোৱাৰ সৃষ্টি কৰি নির্বাচনী ৰণ জিকাৰ সংকল্প গ্রহণ কৰিছে৷ আগন্তুক ২৩ অক্টোবৰত ছাছাৰামত প্রথমটো সমাৱেশত অংশগ্রহণ কৰিব প্রধানমন্ত্রী মোদীয়ে৷

You might also like