নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ আকাশত পাকিস্তানী ড্ৰোন; LoC ৰ কেৰন চেক্টৰত ধ্বংস কৰিলে সেনাই

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ ভাৰতক চাপত ৰাখিবলৈ বাৰেবাৰে চীনৰ সহায় লৈছে পাকিস্তানে। অত্যাধুনিক যুদ্ধাস্ত্রৰ পৰা আৰম্ভ কৰি যুদ্ধবিমান, লগতে নজৰদাৰী কৰিবলৈ ড্রোনৰ বাবেও কার্যত বেইজিঙৰ সহায় লৈছে ইছলামাবাদে। এইবাৰ ভাৰতীয় ভূখণ্ডত নজৰদাৰী কৰি এখন ড্রোনক গুলি কৰি নমালে ভাৰতীয় সেনাই।

পৰীক্ষাৰ পাছত গম পোৱা গ’ল যে উক্ত ড্রোনখন চীনত তৈয়াৰী। প্রাথমিকভাবে সন্দেহ, ভাৰতীয় সীমান্তত চকু ৰাখিবলৈ বোধহয় ড্রোনৰ মাধ্যমেৰে নজৰদাৰী চলোৱা হৈছিল।

সংবাদসংস্থা এএনআই টুইটত জনাইছে, ‘‌‘‌শনিবাৰে জম্মু–কাশ্মীৰৰ কেৰন চেক্টৰত পাকিস্তানী ড্রোনখন দেখামাত্রকেই তাক গুলি কৰি ধ্বংস কৰে ভাৰতীয় সেনাই। DJI Mavic 2 pro ড্রোনখন তৈয়াৰ কৰা হৈছিল চীনত।।’‌’‌

You might also like