কংগোত ২৭ বিদ্রোহী নিহত
নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ আফ্রিকান ৰাষ্ট্র কংগো গণতান্ত্রিক গণৰাজ্যৰ সেনাই সংঘর্ষজড়িত দেশখনৰ পূব প্রান্তত ২৭জন ৰাৱাণ্ডান আৰু বুৰুণ্ডিয়ান সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিছে৷
ৰাৱাণ্ডা নিউজ এজেঞ্চীয়ে প্রকাশ কৰা অনুসৰি দেশখনৰ পূব প্রান্তৰ প্রদেশ ছাউথ কিভূত ৰাৱাণ্ডা আৰু বুৰুণ্ডিৰ বিদ্রোহীৰ ঘাটি উৎখাত কৰিবলৈ কংগোৰ সেনাই বৃহৎ অভিযান চলাইছিল৷ এই অভিযানকালত দুয়োখন দেশৰ ২৭জন বিদ্রোহী নিহত হোৱা বুলি সংবাদ সংস্থাটোৱে সদৰী কৰিছে৷
উল্লেখনীয় যে বুৰুণ্ডিৰ বিদ্রোহী গোট ৰেড টাবাৰা আৰু ৰাৱাণ্ডাৰ বিদ্রোহী গোট এফ ডি এল আৰে দীর্ঘদিন ধৰি কংগোৰ পূব প্রান্তত চলাই আহিছে কূটাঘাত৷ এই বিদ্রোহী গোট দুটাৰ সবল সাংগঠনিক ভেটি থকা বাবেই অঞ্চলটোৰ পৰা বহু অসামৰিক লোকে ঘৰ এৰি পলায়ন কৰিছে৷