নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰমাণু অস্ত্র প্রতিৰোধ চুক্তিক লৈ সন্তুষ্ট দালাই লামা

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ তিব্বতী ধর্মীয় নেতা দালাই লামাই ৰাষ্ট্রসংঘৰ উদ্যোগত ৫০খন দেশে পৰমাণু অস্ত্রৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ এক আন্তর্জাতিক চুক্তিত স্বাক্ষৰ কৰা বিষয়টোত ঐতিহাসিক আখ্যা দিছে৷ পৰমাণু অস্ত্র প্রতিৰোধ চুক্তি ৯০ দিনৰ ভিতৰতে কার্যকৰী কৰাৰ সংকল্প লৈছে ৰাষ্ট্রসংঘই৷

দালাই লামাই এক বিবৃতিত গণবিধ্বংসী এই মাৰণাস্ত্রৰ ব্যৱহাৰ নিষিদ্ধ হ’ব লাগে বুলি পূর্বৰে পৰা কৈ আহিছে৷ স্মর্তব্য যে হণ্ডুৰাছে শেহতীয়াকৈ এই চুক্তিক আদৰণি জনাইছে৷ পৰমাণু অস্ত্র প্রতিৰোধ চুক্তি বা টি পি এন ডব্লিউ আগন্তুক বর্ষৰ ২২ জানুৱাৰীৰ পৰা বিশ্বজুৰি কার্যকৰী কৰাৰ সংকল্প লৈছে ৰাষ্ট্রসংঘই৷

অৱশ্যে আমেৰিকাকে ধৰি পৰমাণু শক্তি হিচাপে চিহ্ণিত ৰাষ্ট্রসমূহে এই চুক্তিৰ বিৰোধ কৰিছে৷ কিন্তু বিভিন্ন সামাজিক সংগঠনে ৰাষ্ট্রসংঘৰ এই প্রচেষ্টাক আদৰণি জনাইছে৷ তিব্বতী ধর্মীয় নেতাগৰাকীয়েও গণবিধ্বংসী অস্ত্র নিষিদ্ধৰ প্রচেষ্টাক প্রশংসা কৰিছে৷

You might also like