ড্রাই ডে’ অসাৰঃ বিজয়া দশমীত গুৱাহাটীত লাখ লাখ টকাৰ সুৰা বিক্রী
নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ আবকাৰী বিভাগৰ নীতি–নির্দেশনা উলংঘাৰে বিজয়া দশমীত গুৱাহাটী মহানগৰীত লাখ লাখ টকাৰ সুৰা বিক্রী কৰে অবৈধ সুৰা ব্যৱসায়ীয়ে৷ বিজয়া দশমী শান্তিপূর্ণভাৱে উদ্যাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে ড্রাই ডে’ ঘোষণা কৰিছিল৷ কিন্তু আবকাৰী বিভাগৰ নির্দেশনা উলংঘাৰে মহানগৰীৰ বিভিন্ন স্থানত মুকলিকৈ সুৰা বিক্রী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷
অভিযোগ অনুসৰি বিজয়া দশমীৰ দিনা উজানবজাৰ ৰে’লৱে কলনী, কালীবাৰী ৰে’লৱে কলনী, বামুণীমৈদাম ৰে’লৱে কলনী, গীতানগৰ, লখৰা, গড়চুক, মালিগাঁও, পাণ্ডু, গণেশগুৰি, ভঙাগড়, খানাপাৰা, সোণাপুৰকে ধৰি বিভিন্ন স্থানত মুকলিকৈ অবৈধ সুৰা ব্যৱসায়ীয়ে লাখ লাখ টকাৰ সুৰা বিক্রী কৰে৷ কেৱল সুৰা বিক্রী কৰাই নহয় জালুকবাৰীৰ পৰা সোণাপুৰলৈকে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত থকা ধাবাসমূহতো মুকলিকৈ চলে সুৰাৰ আড্ডা৷
একাংশ অসাধু আবকাৰী বিষয়া আৰু স্থানীয় আৰক্ষীক মেনেজ কৰি অবৈধ সুৰা ব্যৱসায়ী চক্রটোৱে দীর্ঘদিন ধৰি সুৰাৰ ব্যৱসায় চলাই আহিছে৷ বিজয়া দশমীৰ দিনাও অতিৰিক্ত কমিছন লৈ অসাধু আবকাৰী বিষয়া আৰু স্থানীয় আৰক্ষীয়ে অবৈধ সুৰা ব্যৱসায়ীক মুকলিকৈ সুৰা বিক্রীৰ সুবিধা দিয়ে৷ পল্টনবজাৰৰ গীতাঞ্জলি হোটেলতো দুপৰ নিশালৈকে সুৰা বিক্রী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷
পৰহি জিলা প্রশাসনে পাণ্ডুঘাটত মা দুর্গাৰ বিসর্জন স্থগিত ৰাখিবলগীয়া হোৱাত কালি ভৰলুমুখ থানাৰ সন্মুখৰ পৰা জালুকবাৰী, মালিগাঁও, পাণ্ডু অঞ্চলৰ সুৰা বিপণীসমূহ বন্ধৰ নির্দেশ জাৰি কৰিছিল৷ কিন্তু এই নির্দেশ অমান্য কৰি অবৈধ সুৰা ব্যৱসায়ীয়ে মুকলিকৈ সুৰা বিক্রী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ লক্ষণীয় যে কামৰূপ সদৰ আবকাৰী বিভাগৰ অধীনত গুৱাহাটী মহানগৰীত ৩৫০খনৰো অধিক বৈধ সুৰাৰ বিপণী আছে৷
কিন্তু ইয়াৰ বিপৰীতে অসাধু আবকাৰী বিষয়া আৰু স্থানীয় আৰক্ষীৰ ছত্রছায়াত হাজাৰ হাজাৰ অবৈধ সুৰা ব্যৱসায়ীয়ে মুকলিকৈ চলাইছে অবৈধ সুৰাৰ বেহা৷ মাজে সময়ে চুলাই ঘাটি উচ্ছেদ কৰি বাঃ বাঃ লোৱা কামৰূপ সদৰ আবকাৰী বিভাগে মহানগৰীৰ বিভিন্ন স্থানত থকা অবৈধ বিলাতী সুৰাৰ বিপণী উৎখাত কৰাৰ লগতে বিজয়া দশমীত অবৈধ সুৰা ব্যৱসায় চলোৱা লোকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷