নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন উত্তৰ কালৰ অসমীয়া সাহিত্য

লকডাউন প্রত্যাহাৰ কৰাৰ পিছতেই শংকিত অৱস্থাৰ মাজেৰে হ’লেও স্বাভাৱিক অৱস্থা কিছুদূৰ উভতি আহিবলৈ ধৰিছে৷ চিনেমা হলবোৰ খুলিবলৈ আৰম্ভ কৰিছে, নতুন ছবিয়ে মুক্তিলাভ কৰিছে, ৰাজহুৱা প্রেক্ষাগৃহ খুলিছে, নাট মঞ্চস্থ হৈছে৷ এইবোৰৰ অবিহনে মানুহ স্বাভাৱিকভাৱে জীয়াই থাকিব নোৱাৰে বুলি সকলোৱে অনুভৱ কৰে৷ ক’ৰোনা কালছোৱাত ইণ্টাৰনেটৰ যোগেৰে মানুহে এইবোৰৰ চর্চা আৰু পৰিৱেশন–প্রদর্শন্ কৰি আহিছিল আৰু বহু ক্ষেত্রত ই একোটা নতুন নতুন সম্ভাৱনাৰো ইংগিত বহন কৰিছিল৷ অনলাইন ফিল্ম ফেষ্টিভেল, অনলাইন ডিছকাছন, ৱর্কশ্বপ, নৃত্যানুষ্ঠান আদিয়ে লকডাউনৰ সময়ছোৱাত ভালদৰে বিকাশ লাভ কৰে আৰু বহুতে তাৰ সুফলো আহৰণ কৰিলে৷ লকডাউনৰ দিনবোৰৰ অন্তত উভতি অহা ‘নিউ নর্মেল’ দিনবোৰত সেই সময়ছোৱাত লাভ কৰা অভিজ্ঞতাই জীৱন আৰু কামক কেনেদৰে সমৃৃদ্ধ কৰিব পাৰে, সেই প্রসংগত বহু ধৰণৰ চিন্তা–চর্চা আৰম্ভ হৈছে আৰু বহুতে কামত লাগিও গৈছে৷

দেখা গৈছিল যে লকডাউনৰ সময়ছোৱাত অসমীয়া কিতাপৰ অনলাইন বিক্রী, হোম ডেলিভাৰী আদি ব্যৱস্থাৰ আৰম্ভণি হৈছিল আৰু বিক্রীও আশাপ্রদ হোৱা বুলি শুনা গৈছিল৷ কিন্তু লকডাউনৰ সামৰণিৰ পিছত সেই বিক্রীৰ পৰিমাণ স্বাভাৱিকভাৱেই কমি আহিছে৷ বিক্রীৰ দিশৰ পৰা অসমীয়া কিতাপ আৰু আলোচনী–বাতৰিকাকত আদিৰ অৱস্থা বেয়া হৈ আহিছিল লকডাউনৰ আগৰ পৰাই, লকডাউনে সেই বেয়া অৱস্থাক সহ্যাতীত পর্যায়লৈ লৈ গৈছিল৷ অসমীয়া কিতাপ, আলোচনী আদিৰ বেয়া ব্যৱসায়ৰ বাবে অকল লকডাউনকে দোষ দিয়াৰ পৰিৱর্তে মুকলিভাৱে কাৰণবোৰ আলোচনা কৰাটো প্রয়োজন আছিল আৰু লকডাউনৰ পৰৱর্তী কালত সেই কাৰণবোৰৰ প্রতিকাৰৰ লগতে লকডাউনৰ পৰা পোৱা শিক্ষাক বিকাশৰ বাবে ব্যৱহাৰ কৰাৰ প্রয়োজন আছিল৷ কিন্তু দুই–এখন আলোচনীৰ বাহিৰে সকলোৱে পূর্বৰ ৰূপতেই আত্মপ্রকাশ কৰিলে, লকডাউনৰ শিক্ষাৰ কোনো প্রভাৱ তাত নপৰিল৷ লকডাউনে অসমীয়া পাঠকৰ অধ্যয়ন আৰু ক্রয়ৰ মানসিকতাক কেনেদৰে প্রভাৱিত কৰিছে, সেই বিষয়ে এক গভীৰ অধ্যয়ন হোৱাৰ প্রয়োজন আছিল, আৰু সেই অধ্যয়নে অসমৰ প্রকাশন ব্যৱসায়ক নতুন গতি দিয়াত সহায় কৰিলেহেঁতেন৷ সাহিত্য আৰু কিতাপ একে নহয় যদিও আমাৰ অধিকাংশ পাঠকেই দুয়োটাকে একেধৰণেই গ্রহণ কৰে অথবা পার্থক্য নাজানে৷ কিতাপৰ বিক্রী আৰু প্রকাশে সাহিত্যক কিছু ধৰণে সহায় কৰিব ঠিকেই, কিন্তু অকল কিতাপৰ বিক্রী মানেই যে সাহিত্যৰ বিকাশ নহয়, সেই কথাটোও উপলব্ধি কৰাৰ প্রয়োজন আছে৷

সকলো ধৰণৰ দোকান–পোহাৰ খুলিছে যেতিয়া কিতাপ ভালপোৱাসকলৰ প্রয়োজনলৈ চাই নীতি–নিয়ম মানি গ্রন্থমেলাৰ আয়োজন কৰিব পৰা যায় নেকি, তাক বিবেচনা কৰাৰ সময় আহি পৰিছে৷ অকল কিতাপ বিক্রী কৰি প্রকাশক আৰু দোকানীসকলে লাভ কৰক, অকল সেই দৃষ্টিকোণেৰে নহয়, বন্ধ হৈ থকা গ্রন্থপ্রেমীসকলৰ মনবোৰক আনন্দ দিয়াৰ বাবেও এই গ্রন্থমেলাৰ প্রয়োজন আছে৷ ক’ভিড প্রট’কল মনাৰ ব্যৱস্থাৰে চৰকাৰী উদ্যোগত এই গ্রন্থমেলা আয়োজন কৰিব নোৱাৰাৰ বিশেষ কাৰণ থাকিব নোৱাৰে৷ হয়তো আয়োজন বিশাল নহ’ব, কিন্তু এনে আয়োজনে কিতাপ অনুৰাগীসকলক অনুপ্রাণিত কৰিব৷ এই গ্রন্থমেলা কিছু পৰিমাণে আবয়বিক আৰু বাকীখিনি অনলাইন ব্যৱস্থাতো হ’ব পাৰে৷ অনুমানতে কিবা এটা কৰাৰ মনোভাব ত্যাগ কৰি উপযুক্ত মহলৰ অধ্যয়ন আৰু চিন্তাৰ পিছত এটা সিদ্ধান্ত লোৱা উচিত হ’ব৷ চৰকাৰে নকৰিলেও গ্রন্থ প্রকাশক আৰু ব্যৱসায়ীসকলৰ যি বিশাল সংগঠন আছে, তেওঁলোকেই এই দায়িত্ব পালন কৰা উচিত৷ যি কিতাপৰ ব্যৱসায়েই তেওঁলোকৰ জীৱিকা, সেই ব্যৱসায়ৰ নতুন নতুন দিশ আৰু নতুন নতুন সম্ভাৱনা আৱিষ্কাৰ কৰাটো তেওঁলোকৰ অন্যতম দায়িত্ব৷ সংগীত–নাটক–চিনেম্ আদিৰ প্রসাৰ আৰু প্রচাৰৰ বাবে বিভিন্ন সংবাদ মাধ্যমে যেনেদৰে সহায় কৰে, সেই সহায় বা পৃষ্ঠপোষকতা অসমীয়া কিতাপে লাভ নকৰে৷ সংবাদ মাধ্যমৰ সহযোগিতাৰে কেনেদৰে অসমীয়া কিতাপ আৰু সাহিত্যৰ জগতখনক ক’ৰোনা উত্তৰ কালত উজ্জীৱিত কৰিব পাৰি, তাক ভবা আৰু কার্যক্ষেত্রলৈ আগবঢ়া কামটোত প্রকাশক আৰু বিক্রেতাৰ সংগঠনসমূহেই আগভাগ লোৱাটো বর্তমান সময়ৰ দাবী হৈ পৰিছে৷

You might also like