খঙতে তেল ঢালি জ্বলাই দিলে নতুন মাৰ্চিডিজ, মালিক ইউটিউবাৰে জনালে ইয়াৰ কাৰণ…
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ মাৰ্চিডিজ কাৰ এখন লোৱাৰ সপোন প্ৰায়ভাগৰে থাকে। কিছুমানে তাক পূৰণ কৰে আৰু আন কিছুমানৰ বাবে সেয়া সপোন হৈয়ে ৰয়। কিন্তু আপুনি কল্পনা কৰিব নোৱাৰে এনে কথা যে এখন মাৰ্চিডিজ কাৰ ক্ৰয় কৰি আনি তাক জ্বলাই দিব। এনে ঘটনাই ঘটালে ৰাছিয়াৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰে।
ৰাছিয়াৰ জনপ্ৰিয় ইউটিউবাৰ মিখাইল লিটবিনে তেওঁৰ নিজৰ নতুন মাৰ্চিডিজ এ এম জি ৬৩খন মাজপথাৰত জ্বলাই এই কাৰনামা কৰি দেখুৱালে। মাত্ৰ ১৫ হাজাৰ কিলোমিটাৰ চলোৱা মাৰ্চিডিজ কাৰখন কি কাৰণত জ্বলালে ইউটিউবাৰগৰাকীয়ে। নিজা ইউটিউব চেনেলযোগে তেওঁ জনায় যে গাড়ীখন বাৰে বাৰে বেয়া হৈছিল আৰু প্ৰতিবাৰে ডীলাৰে কিবা-কিছু ঠিক কৰি দিছিল যদিও সম্পূৰ্ণ ভাল কৰিব পৰা নাছিল।
পিছলৈ ডীলাৰেও তেওঁৰ ফোন ৰিছিভ কৰিবলৈ এৰি দিছিল। ইয়াৰ ফলত তেওঁ হতাশ হৈ পৰে আৰু অনিচ্ছা সত্ত্বেও গাড়ীখন জ্বলাই দিয়ে। প্ৰায় ৬ মিলিয়ন ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰগৰাকীয়ে নিজা ইউটিউব চেনেলত সকলো প্ৰক্ৰিয়া সুন্দৰকৈ দৰ্শন কৰায় দৰ্শকক। এই কাৰ্য কৰি তেওঁ মুঠেও সুখী নহয় বুলি উল্লেখ কৰি কয় যে মোৰ হাতত গাড়ীখন জ্বলাই দিয়াৰ বাহিৰে অন্য উপায় নাছিল।
২৪ অক্টোবৰত ইউটিউবাৰগৰাকীয়ে শ্বেয়াৰ কৰা এই ভিডিঅ’ এতিয়ালৈ ১.১৫ কোটিবাৰতকৈও বেছিকৈ চাইছে দৰ্শকে, য’ত ১ মিলিয়ন লাইক আৰু ১ লাখতকৈ অধিক লোকে কমেণ্ট কৰিছে।