নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ প্রায় ছমাহ ধৰি চলি থকা লাডাখ সীমান্তৰ সমস্যা সমাধানৰ বাবে চীনৰ সেনাৰ সৈতে আলোচনাৰ সময়ত সতর্ক হৈ থাকিবলৈ ভাৰতীয় সেনাক আহ্বান জনাইছে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে৷ নতুন দিল্লীত চলিত সেনা কমাণ্ডৰ অভিৱর্তনত কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে কয় যে লাডাখৰ সীমান্তৰ সমস্যা সমাধানৰ বাবে চীনৰ সৈতে সামৰিক আলোচনাৰ সময়ত দেশৰ সেনাক চীনৰ অভিপ্রায়ক লৈ সতর্ক হৈ থাকিব৷ কিয়নো চীনৰ বিশ্বাসযোগ্যতা সদায়েই সন্দিগ্ধ৷ তদুপৰি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে এই কথাও উল্লেখ কৰে যে সমস্যাটো সমাধান কৰিবলৈ সাধুতা আৰু বিশ্বাসৰ পৰিৱেশৰ মাজত আলোচনা অনুষ্ঠিত হোৱা উচিত৷ মন কৰিবলগীয়া যে লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যই ভাৰতীয় ২০ জোৱানৰ প্রাণ কাঢ়ি লোৱাৰ পিছতে সীমান্তত উত্তেজনা অব্যাহত আছে৷ সীমান্তত শান্তি আৰু সুস্থিৰতা ওভতাই অনাৰ বাবে ইতিমধ্যে দুই দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ সাতলানি বৈঠকত অনুষ্ঠিত হৈছে৷ কিন্তু এতিয়ালৈকে এই বৈঠকত মীমাংসাপূর্ণ সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷
You might also like