নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘৬৫% লোক একত্ৰিত নহ’লে খুব বেছি দহ বছৰ জীয়াই থাকিব অসমীয়া জাতি’

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ কাকপথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিঞা মিউজিয়ামক লৈ ৰাজ্য প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি ৬৫ শতাংশ লোক একত্ৰিত হ’লেহে বিপৰীত শক্তিটোক আঁতৰাব পাৰিম। আমি বামুণ, কলিতা, কোচ, দেউৰী, সকলো একলগে থাকিব লাগিব। তেতিয়াহে এই আৰবীয় শক্তিটোক পৰাভূত কৰিব পাৰিম বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

প্ৰথমে মিঞা কবিতা তাৰ পিছত মিঞা মিউজিয়াম ই এক দীঘলীয়া ষড়যন্ত্ৰ। মাটি ফুটি ওলোৱা বস্তু নহয়। অসমত ১০-১৫ বছৰ এই ষড়যন্ত্ৰ চলি থাকিব। উজনি-নামনি অসমৰ বহু অংশ এলেকা আমি হেৰুৱাই পেলাইছো। অসমীয়া মানুহে এই ষড়য়ন্ত্ৰটো বুজি পাব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like